
নলবাৰী, ০৬ আগষ্ট (হি.স.)। নলবাৰীত একাংশ ফাৰ্মাচীয়ে এতিয়া ম্যাদ উকলা ঔষধ বিক্ৰী কৰি ৰোগীৰ জীৱনকলৈ হেতালি খেলাৰ গুৰুতৰ অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালৰ লোকে৷ শেহতীয়াভাৱে নলবাৰীৰ মালিকুছিত সংঘটিত হোৱা উক্ত ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে কলি মালিকুছি নিবাসী আব্দুল হাকিমক নলবাৰী লাইফ কেয়াৰ ফাৰ্মাচীৰ পৰা ক্ৰয় কৰি নিয়া গেভিট ভিটামিন দৰৱটো খাবলৈ দিয়ে৷
কিন্ত ঔষধ খোৱাৰ পিছতে বমি হয় আব্দুল হাকিম নামৰ ৰোগী জনৰ৷ তাৰ পিছতহে ঘটনাৰ কথা পোহৰলৈ আহে৷ আব্দুলৰ পৰিয়াল পিছত নিশ্চিত হয় যে তেওঁ খোৱা ঔষধৰ প্ৰকৃততে ম্যাদৰ অন্ত পৰিছিল৷ জানিব পৰা মতে ঔষধটোৰ ২০২৬ চনৰ ৩ মাৰ্চতে ম্যাদ শেষ হৈছিল৷ ইতিমধ্যে পৰিয়ালৰ লোকে জনোৱা মতে বৰ্তমান ঔষধটো খোৱাৰ পিছত ক্ৰিয়া কৰাত চিকিৎসাৰ বাবে নলবাৰী সাৰথি হস্পিতালত ভৰ্ত্তি কৰা হয় আব্দুলক৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা