হাতীৰ খাদ্যৰ বাবে তামুলপুৰৰ বগামাটিত নেপিয়াৰ ঘাঁহ আৰু ঔটেঙাৰ পুলি ৰোপণ
তামুলপুৰ, ০৬ আগষ্ট (হি.স.)। তামুলপুৰ জিলাৰ বগামাটি অঞ্চলৰ অৰংগা নদীৰ পাৰত আজি জিলা প্ৰশাসনৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ অধীনত হাতীৰ খাদ্যৰ যোগান নিশ্চিত কৰাৰ লগতে অঞ্চলটোত সেউজ বনানিকৰণৰ উদ্দেশ্য আগত ৰাখি নেপিয়াৰ ঘাঁহ আ
হাতীৰ খাদ্যৰ বাবে তামুলপুৰৰ বগামাটিত নেপিয়াৰ ঘাঁহ আৰু ঔটেঙাৰ পুলি ৰোপণ।


তামুলপুৰ, ০৬ আগষ্ট (হি.স.)। তামুলপুৰ জিলাৰ বগামাটি অঞ্চলৰ অৰংগা নদীৰ পাৰত আজি জিলা প্ৰশাসনৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ অধীনত হাতীৰ খাদ্যৰ যোগান নিশ্চিত কৰাৰ লগতে অঞ্চলটোত সেউজ বনানিকৰণৰ উদ্দেশ্য আগত ৰাখি নেপিয়াৰ ঘাঁহ আৰু ঔটেঙাৰ পুলি ৰোপণ কৰা হয়। নেপিয়াৰ ঘাঁহ পতঞ্জলিয়ে যোগান ধৰাৰ বিপৰীতে ঔটেঙাৰ পুলি যোগান ধৰে বন বিভাগে।

বন বিভাগ, এছএছবি, ভাৰতীয় সেনা বাহিনী আৰু গ্ৰীন গ্ল'ব, গয়বাৰী চায়পট্টি ফাউণ্ডেছন, জি ভি এম আদি স্বেচ্ছাসেৱী সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আনুষ্ঠানিক কাৰ্যসূচীত বিধায়ক ভিক্টৰ কুমাৰ দাস আৰু বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী দাস (ভজন), জিলা আয়ুক্ত চিমি কৰণ উপস্থিত থাকি পুলিসমূহ ৰোপণ কৰাৰ লগতে সংৰক্ষণৰ দিহা আগবঢ়াই সীমান্তৰ হাতীৰ চলাচল বিনাবাধাই নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

উল্লেখ্য যে শেহতীয়াকৈ তামুলপুৰৰ বিস্তীৰ্ণ অঞ্চলত খাদ্যৰ অভাৱত হাতীৰ জাক জনাঞ্চলত প্ৰৱেশ কৰি শস্য আৰু ঘৰ-বাৰীৰ ক্ষতি কৰাৰ ঘটনা বাঢ়ি অহাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰশাসনে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। হাতীৰ প্ৰিয় খাদ্য নেপিয়াৰ আৰু ঔটেঙাৰ পুলি ৰোপণৰ জৰিয়তে জংঘলতেই হাতীৰ খাদ্যৰ ব্যৱস্থা কৰি হাতী-মানুহৰ সংঘাত ৰোধ কৰাই এই কাৰ্যসূচীৰ মূল লক্ষ্য।

লগতে এই সেউজ বনানিকৰণে পৰিৱেশ সংৰক্ষণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। এনে পদক্ষেপে দীৰ্ঘম্যাদীভাৱে হাতীৰ বাসস্থান সুৰক্ষিত কৰাৰ লগতে মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ পথো সুগম কৰিব বুলি ধাৰণা কৰা হৈছে। পতঞ্জলিয়ে ইতিমধ্যে ২৫ হাজাৰ নেপিয়াৰ ঘাঁহ যোগান ধৰিছে, যিবোৰৰ ৰোপণৰ কাম আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে। আজিৰ কাৰ্যসূচীত বিধায়ক ভিক্টৰ কুমাৰ দাস, ই এম লক্ষ্মী দাস, জিলা আয়ুক্ত চিমি কৰণ, অতিৰিক্ত আয়ুক্ত ডঃ দীপাংকৰ নাথকে ধৰি বিভাগীয় বিষয়া-কৰ্মচাৰী, এছ এছ বি, আৰ্মী আৰু স্থানীয় ৰাইজ, স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মী আদি উপস্থিত আছিল বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande