(আপডেট)মঙলদৈ সমষ্টিৰ অন্তৰ্গত বাঁহজানীত মৃতদেহ উদ্ধাৰ
দৰং, ৬ আগষ্ট (হি.স.)। মঙলদৈ সমষ্টিৰ অন্তৰ্গত বাঁহজানীত মৃতদেহ উদ্ধাৰ। মৃতদেহটো স্থানীয় ৰাইজে খেতি পথাৰত পোট খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে। মৃতদেহটো কলাই গাওঁ চিঙিৰামাৰীৰ কৃষ্ণ ভৌমিজ বুলি চিনাক্ত। ইতিমধ্যে পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষ
(আপডেট)মঙলদৈ সমষ্টিৰ অন্তৰ্গত বাঁহজানীত মৃতদেহ উদ্ধাৰ


দৰং, ৬ আগষ্ট (হি.স.)। মঙলদৈ সমষ্টিৰ অন্তৰ্গত বাঁহজানীত মৃতদেহ উদ্ধাৰ। মৃতদেহটো স্থানীয় ৰাইজে খেতি পথাৰত পোট খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে। মৃতদেহটো কলাই গাওঁ চিঙিৰামাৰীৰ কৃষ্ণ ভৌমিজ বুলি চিনাক্ত। ইতিমধ্যে পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষী আৰু এছডিআৰএফ ৰ সহযোগত উদ্ধাৰ কৰে মৃতদেহটো।

উল্লেখযোগ্য যে কালি কলাইগাঁৱত নোৱানদীত উটি গৈছিল কৃষ্ণ ভৌমিজ। স্থানীয় ৰাইজে উদ্ধাৰ কৰিব প্ৰচেষ্টা চলাইছিল যদিও ব্যৰ্থ হৈছিল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande