ধুবুৰীৰ চান্দিপাৰাত ব্ৰহ্মপুত্ৰ নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ
ধুবুৰী, ০৬ আগষ্ট (হি.স.)। ধুবুৰীৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ চান্দিপাৰাত ব্ৰহ্মপুত্ৰ নদীত ওপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে এটা অচিনাকি মৃতদেহ ।স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে ফকিৰগঞ্জ আৰক্ষীক। ইতিমধ্যে যন্ত্ৰ চালিত নাৱৰে ঘটনাস্থলীত
ধুবুৰীৰ চান্দিপাৰাত ব্ৰহ্মপুত্ৰ নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ


ধুবুৰী, ০৬ আগষ্ট (হি.স.)। ধুবুৰীৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ চান্দিপাৰাত ব্ৰহ্মপুত্ৰ নদীত ওপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে এটা অচিনাকি মৃতদেহ ।স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে ফকিৰগঞ্জ আৰক্ষীক। ইতিমধ্যে যন্ত্ৰ চালিত নাৱৰে ঘটনাস্থলীত উপস্থিত হয় ফকিৰগঞ্জ আৰক্ষী।

বৰ্তমান লৈকে উদ্ধাৰ হোৱা নাই মৃত ব্যক্তি জনৰ পৰিচয়। উক্ত ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande