
লখিমপুৰ, ০৬ আগষ্ট (হি.স.)। উজনি অসমৰ লগতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ পশ্চিমাঞ্চলত বিগত কেইবাটাও দিন ৰাইজে বানৰ লগত সহৱস্থান কৰিছে । তাৰ মাজতে আজি পুৱা সংঘটিত হয় এক দুখজনক ঘটনা। চেঁচা নৈৰ বানে বুৰাই ৰখা ফুটাভোগ গাঁৱৰ নিৰণ দাসৰ মাতৃ ৰেৱতি দাস আজি পুৱা অসুস্থ অৱস্থাত মৃত্যু হয়।
ঘৰৰ চৌহদৰ চাৰিওফালে পানীৰে পৰিপূৰ্ণ হৈ থকাত ৰাইজে কলৰ ভূৰ সাঁজি সৎকাৰ কৰিলে মৃতদেহ। এক কৰুণ দৃশ্য। বৰ্তমানো এইসকল লোকৰ ঘৰ বাৰী পানীৰ তলত। পলসে পুতি পেলালে কৃষিভূমি। সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় বিধায়কৰ লগতে চৰকাৰৰ সহায় সহযোগিতা বিচাৰিলে এইসকল বৰ্নাত্যই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ