
দক্ষিণ শালমাৰা, ০৬ আগষ্ট (হি.স.)।
ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ চান্দীপাৰা অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ সুতিৰ পৰা অসম আৰক্ষীৰ এজন জোৱানৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, স্থানীয় ৰাইজে নদীৰ পানীত এটি মৃতদেহ ওপঙি থকা দেখি তৎক্ষণাত ফকিৰগঞ্জ আৰক্ষীক খবৰ দিয়ে।
খবৰ পাই আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
মৃতদেহটো তালাচী চলোৱাৰ সময়ত আৰক্ষীয়ে এখন ভোটাৰ পৰিচয় পত্ৰ আৰু অসম আৰক্ষীৰ পৰিচয় পত্ৰ উদ্ধাৰ কৰে। পৰিচয় পত্ৰ অনুসৰি মৃত ব্যক্তি জনক চম্পক ডেকা (৩৩)। তেওঁ অসম আৰক্ষীৰ ১৭নং APBn (17th APBn)-ত কৰ্মৰত আছিল। তেওঁৰ স্থায়ী ঠিকনা কামৰূপ জিলাৰ বাইহাটা চাৰিআলী আৰক্ষী থানাৰ অন্তৰ্গত পাত্ৰপুৰ গাঁও। তেওঁ কন্দৰ্প ডেকাৰ পুত্ৰ।
বৰ্তমান আৰক্ষীয়ে মৃতদেহটো ফকিৰগঞ্জ আৰক্ষী থানালৈ নি আইনী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে।
মৃত্যুৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা