তেজপুৰ নপামস্থিত কৃষিবিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ উদ্যোগত আনুষ্ঠানিকভাৱে উন্নত জাতৰ বীজ, তিল', নেমু আৰু জালুকৰ পুলি ইত্যাদি বিতৰণ
শোণিতপুৰ, ০৬ আগষ্ট (হি.স.)। আজি তেজপুৰ নপামস্থিত কৃষিবিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্নত জাতৰ বীজ, তিল'', নেমু আৰু জালুকৰ পুলি ইত্যাদি বিতৰণ কৰে নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকা আৰু তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই ।
কৃষিবিজ্ঞান কেন্দ্ৰ শোণিতপুৰ


শোণিতপুৰ, ০৬ আগষ্ট (হি.স.)। আজি তেজপুৰ নপামস্থিত কৃষিবিজ্ঞান কেন্দ্ৰ শোণিতপুৰৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্নত জাতৰ বীজ, তিল', নেমু আৰু জালুকৰ পুলি ইত্যাদি বিতৰণ কৰে নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকা আৰু তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই ।

এই বীজ বিতৰন অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি তেজপুৰৰ বিধায়ক ৰাভাই “হৰ-ঘৰ লিচু” আঁচনিৰ অধীনত ২০,০০০ হেজাৰ তেজপুৰ লিচু পুলি পুনৰ ৰোপণ কৰা হ’ব বুলি মন্তব্য কৰে ।

আনহাতে বিধায়ক তথা গৰুখুটীপ্ৰকল্পৰ অধক্ষ্য পদ্ম হাজৰিকাই ব্ৰয়লাৰ উৎপাদন আৰু কনীৰ উৎপাদনত ৰাজ্যখন পিছপৰি আছে আৰু ইয়াৰ বাবেই বাংগালোৰ আৰু হায়দৰাবাদৰ পৰা কনী আমদানি কৰিব লাগে বুলি মন্তব্য আগবঢ়োৱাৰ লগতে ধান, মাহ সৰিয়হ ৰ লগতে কনী আৰু ব্ৰয়লাৰ ৰ উৎপাদনতো গুৰুত্ব দি এই ক্ষেত্ৰৰ বাবে উপযোগী মাটি কৃষিকৰ্মৰ বাবেই নিৰ্বাচন কৰি কেভিকেক আধুনিক সুবিধা সম্পৰ্ক সজাগতা শিৱিৰৰ আয়োজন কৰা উচিত বুলি পৰামৰ্শ দিয়ে । এইয়া সফলতাৰে ৰূপায়ণ কৰাত কৃষিবিভাগ আৰু কৃষিবিজ্ঞানীয়ে সহযোগিতা আগবঢ়োৱাৰ বাবেও আহ্বান জনায় ৷

এই অনুষ্ঠানতে শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান- তৈল পাম আঁচনিৰ অধীনত কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত প্ৰদৰ্শনীমূলকভাৱে তিনি বিঘা মাটিত তৈল খেজুৰৰ পুলি ৰোপণ কৰা হয় । অনুষ্ঠানত উপস্থিত থাকে জিলা কৃষি বিষয়া প্ৰদিপ তালুকদাৰ, কৃষি বিজ্ঞান কেন্দ্ৰৰ ভাৰপাপ্ত মুৰব্বী বিজ্ঞানী ড০ অংগনা শৰ্মা, মহকুমা কৃষি বিষয়া অজিত পাঠক, ময়ুৰজ্যোতি বৰুৱা, অসম কৃষি বিশ্ববিদ্যালয়ৰ বিষয়া ড০ ভৃগু কুমাৰ নেওঁগ, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ড০ ৰঞ্জিত বৰদলৈ, ড০ অলকেশ ডেকা, নমিতা দত্ত, শৰ্মিষ্টা বৰগোহাঁইৰ লগতে ১০০ ৰো অধিক কৃষক ৰাইজ ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande