কেন্দ্রীয় চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত: গুৱাহাটী-তেজপুৰ চাৰিলেযুক্ত কৰিডৰৰ বাবে ৮,৯৭০.২০ কোটি টকাৰ অনুমোদন
গুৱাহাটী, ০৬ আগষ্ট (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্ব আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নিৰন্তৰ প্ৰচেষ্টাত অসমৰ উন্নয়নৰ প্ৰতি দৃঢ় অংগীকাৰৰ ফলতেই কেন্দ্ৰীয় চৰকাৰৰ পৰা এটাৰ
কেন্দ্রীয় চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত: গুৱাহাটী-তেজপুৰ চাৰিলেযুক্ত কৰিডৰৰ বাবে ৮,৯৭০.২০ কোটি টকাৰ অনুমোদন


গুৱাহাটী, ০৬ আগষ্ট (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্ব আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নিৰন্তৰ প্ৰচেষ্টাত অসমৰ উন্নয়নৰ প্ৰতি দৃঢ় অংগীকাৰৰ ফলতেই কেন্দ্ৰীয় চৰকাৰৰ পৰা এটাৰ পিছত এটাকৈ বৃহৎ আন্তঃগাঁথনি প্রকল্প ৰাজ্যলৈ আহিবলৈ সক্ষম হৈছে ।

ডাবল ইঞ্জিন চৰকাৰৰ সমন্বিত প্রচেষ্টাই অসমক উন্নয়নৰ নতুন উচ্চতালৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত এক শক্তিশালী ভেটি স্থাপন কৰিছে। আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমা সম্পর্কীয় কেবিনেটে অসমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১৩৫.৮৭১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী-তেজপুৰ চাৰিলেনযুক্ত কৰিডৰ উন্নয়ন প্রকল্পত ৮,৯৭০.২০ কোটি টকাৰ অনুমোদন জনোৱাটো ৰাজ্যবাসীৰ বাবে এক অত্যন্ত আনন্দৰ আৰু গৌৰৱৰ বিষয় বুলি দলৰ মিডিয়া পেনেলিষ্ট আশীষ ভৰালীয়ে এক প্রেছ বিবৃতিযোগে অভিহিত কৰে।

ৰাষ্ট্ৰীয় ঘাইপথ (অ')ৰ অধীনত বিল্ট-অপাৰেট-ট্রেন্সফাৰ (বি অ' টি) টোল মোডত ৰূপায়ণ হ'বলগীয়া উক্ত বৃহৎ প্রকল্পই অসমৰ পথ যোগাযোগ ব্যৱস্থাত এক যুগান্তকাৰী পৰিৱৰ্তন আনিব। গুৱাহাটী আৰু তেজপুৰৰ মাজৰ যাতায়াত অধিক দ্রুত, সুৰক্ষিত আৰু আধুনিক হোৱাৰ লগতে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত বাণিজ্য, উদ্যোগ, পর্যটন আৰু বিনিয়োগৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব।

প্রকল্পটোৰ এক বিশেষ বৈশিষ্ট্য হৈছে ভাৰতীয় বায়ুসেনাৰ সৈতে সমন্বয় সাধন কৰি তেজপুৰ বাইপাছত ৪.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ জৰুৰীকালীন অৱতৰণ সুবিধা (ইএলএফ) নির্মাণ। ইয়াৰ উপৰি, ৫৮.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাঁচটা প্রধান বাইপাছ নিৰ্মাণৰ ফলত বাইহাটা চাৰিআলি, ছিপাঝাৰ, খাৰুপেটীয়া, ঢেকীয়াজুলী আৰু তেজপুৰৰ দৰে ঘন জনবসতিপূর্ণ অঞ্চলসমূহত যানজট যথেষ্ট পৰিমাণে হ্রাস পাব আৰু জনসাধাৰণে অধিক সুবিধাজনক যাতায়াতৰ সুযোগ লাভ কৰিব।

এই বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ অধীনত ১৫ খন ডাঙৰ দলং, ৩০ খন সৰু দলং, ১৯খন উৰণ সেঁতু, ৪৬ টা আণ্ডাৰপাছ, ২১০ কিলোমিটাৰ চাৰ্ভিচ ৰোড আৰু তেজপুৰ বাইপাছত এটা এলিফেন্ট আণ্ডাৰপাছ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। উন্নত পথ সুৰক্ষা, বন্যপ্ৰাণীৰ সংৰক্ষণ আৰু আধুনিক যাতায়াত ব্যৱস্থাৰ সমন্বয়ে এই প্রকল্পক এক আদর্শ আন্তঃগাঁথনি প্রকল্প হিচাপে গঢ়ি তুলিব।

এই কৰিডৰ সম্পূৰ্ণ হোৱাৰ পিছত গড় ভ্ৰমণৰ গতি প্রায় ১০০ শতাংশ বৃদ্ধি পাব আৰু ভ্ৰমণৰ সময় প্রায় আধালৈ হ্রাস পাব। ইন্ধন ব্যৱহাৰ কম হোৱাৰ লগতে বাহন পৰিচালনাৰ ব্যয়ো হ্রাস পাব, যাৰ ফলত সাধাৰণ নাগৰিক, ব্যৱসায়ী, উদ্যোগপতি আৰু পৰিবহণ খণ্ড সকলো উপকৃত হ'ব। ইয়াৰ লগতে অঞ্চলটোৰ সামগ্রিক আর্থ-সামাজিক বিকাশ আৰু বিনিয়োগৰ পৰিৱেশ অধিক শক্তিশালী হ'ব।

এই উন্নত কৰিডৰে অসমৰ লগতে অৰুণাচল প্ৰদেশৰ গুৰুত্বপূৰ্ণ অর্থনৈতিক, সামাজিক আৰু লজিষ্টিক কেন্দ্ৰসমূহৰ সৈতে অধিক ফলপ্রসূ সংযোগ স্থাপন কৰিব। ৮ খন ঔদ্যোগিক উদ্যান, দৰং আৰু ওদালগুৰিৰ দুয়োখন অভিলাষী জিলা, মা কামাখ্যা মন্দিৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দৰে পৰ্যটনস্থলী, লগতে মুখ্য ৰে'লৱে ষ্টেচন, বিমানবন্দৰ আৰু জলপথ টার্মিনেলসমূহলৈ সংযোগ উন্নত হোৱাৰ ফলত সামগ্ৰী আৰু যাত্ৰীৰ দ্রুত চলাচল নিশ্চিত হ'ব আৰু সমগ্র অঞ্চলটোৰ অৰ্থনীতি অধিক গতিশীল হৈ উঠিব।

এই ঐতিহাসিক সিদ্ধান্তই পুনৰ এবাৰ স্পষ্ট কৰি তুলিছে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ উত্তৰ-পূৰ্বাঞ্চল, বিশেষকৈ অসমৰ সৰ্বাংগীন উন্নয়নক সর্বোচ্চ অগ্রাধিকাৰ প্ৰদান কৰি আহিছে। এই প্রকল্প কেৱল এখন পথ নিৰ্মাণৰ আঁচনি নহয়, বৰঞ্চ আত্মনিৰ্ভৰ, সংযুক্ত আৰু সমৃদ্ধ অসমৰ দিশত এক সুদৃঢ় পদক্ষেপ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande