
নতুন দিল্লী, ০৬ আগষ্ট (হি.স.)। ৰাজ্যসভাত কংগ্ৰেছ দলে নীৰজ ডাংগীক দলৰ সচেতক (হুইপ) হিচাপে নিযুক্তি দিছে। ৰাজ্যসভাৰ সাংসদ ৰজনী অশোকৰাও পাটিলৰ অৱসৰৰ ফলত সৃষ্টি হোৱা খালী পদ পূৰণৰ বাবে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে এই নিযুক্তি প্ৰদান কৰে।
বৃহস্পতিবাৰে কংগ্ৰেছ সংসদীয় দলে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি নীৰজ ডাংগীয়ে ৰাজ্যসভাত দলৰ হুইপ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। এই নিযুক্তি তৎক্ষণাত কাৰ্যকৰী হ’ব। কংগ্ৰেছ সংসদীয় দল ৰাজ্যসভাৰ মুখ্য সচেতক জয়ৰাম ৰমেশে নিযুক্তিৰ নিৰ্দেশ জাৰি কৰিছে।
--------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া