
মৰিগাঁও, ০৬ আগষ্ট (হি.স.)। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভূৰাগাঁৱত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান । যোৱা নিশা ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশাল বনিকৰ নেতৃত্বত বালিপৰা জংঘলত অভিযান চলাই ৪ জনকৈ জুৱাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইজন হৈছে আজিজুল হক, হুছেইন আহমেদ, আব্দুল মোবাৰক আৰু আমিৰ হুছেইন।
আৰক্ষীয়ে জুৱাৰ আড্ডাৰ পৰা ৬ খন মটৰ চাইকেল, নগদ ২৫ হাজাৰ টকা, ম'বাইল ৩ টা আৰু জুৱাত ব্যৱহৃত সামগ্ৰী জব্দ কৰে। নিশা জুৱা খেলি থকা অৱস্থাত আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত আন কেইবাটাও জুৱাৰী এন্ধাৰৰ সুযোগলৈ পলাই যাবলৈ সক্ষম হয়। উল্লেখ্য যে আজিজুল হক নামৰ এই ধুৰন্ধটোয়ে নিজকে আৰক্ষীৰ চোৰাংচোৱা বুলি পৰিচয় দি ভয় ভাবুকি প্ৰদানেৰে একাংশ চাইবাৰ অপৰাধীৰ পৰা দীৰ্ঘদিনে ধন সংগ্ৰহ কৰি অহাৰো অভিযোগ আছে।একেদৰে অঞ্চলটোত অবাধে জুৱা খেল চলাই আহিছে আৰক্ষীৰ চোৰাংচোৱা আজিজুল হকে।
হিন্দুস্থান সমাচাৰ / Narayan Kar