
বাক্সা, ০৬ আগষ্ট (হি.স.)। বাক্সা জিলাৰ শালবাৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান শালবাৰী মহাবিদ্যালয়ত আজি ছাত্ৰ- ছাত্ৰী সকলৰ মাজত অসম চৰকাৰৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ পাছতেই ৰাজ্যৰ অন্যান্য মহাবিদ্যালয় সমূহৰ লগতে শালবাৰী মহাবিদ্যালয়তো আনুষ্ঠানিকভাৱে আবেদন পত্ৰ বিতৰণ কৰা হয়।
আবেদন পত্ৰ বিতৰণ কৰে ৪১ নং মানাহ বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে । উল্লেখ্য যে মহাবিদ্যালয় খনৰ মুঠ ১৩০০ ছাত্ৰ -ছাত্ৰীক আবেদন পত্ৰ বিতৰণ কৰা হয়। আজিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা