বাংলাদেশত কাৰাগাৰত বন্দী ১৪ বছৰীয়া ছাত্ৰ, আৱামী লীগে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ
- নাবালকৰ বিৰুদ্ধে ব্যৱহাৰ কৰা সন্ত্ৰাসবাদ বিৰোধী আইন ঢাকা, ০৬ আগষ্ট (হি.স.)। সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত পঞ্জীয়ন হোৱা গোচৰৰ ১৪ বছৰীয়া স্কুলীয়া ছাত্ৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বাংলাদেশৰ আদালতে। বিৰোধী আৱামি লীগে চৰকাৰক ক্ষমতাৰ অপব্যৱহাৰ
বাংলাদেশত কাৰাগাৰত বন্দী ১৪ বছৰীয়া ছাত্ৰ, আৱামী লীগে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ


- নাবালকৰ বিৰুদ্ধে ব্যৱহাৰ কৰা সন্ত্ৰাসবাদ বিৰোধী আইন

ঢাকা, ০৬ আগষ্ট (হি.স.)। সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত পঞ্জীয়ন হোৱা গোচৰৰ ১৪ বছৰীয়া স্কুলীয়া ছাত্ৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বাংলাদেশৰ আদালতে। বিৰোধী আৱামি লীগে চৰকাৰক ক্ষমতাৰ অপব্যৱহাৰ আৰু ন্যায়িক প্ৰক্ৰিয়াত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

স্থানীয় সংবাদ মাধ্যমৰ মতে, মহম্মদ ৰিমন নামৰ ছাত্ৰজন লক্ষ্মীপুৰ জিলাৰ ৰামগতি উপাজিলাৰ চৰ মেহেৰ আজিজিয়া হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ। প্ৰতিৰক্ষা অধিবক্তা আব্দুৰ ৰব চুমনে কয় যে ছাত্ৰজনৰ জন্মৰ প্ৰমাণ পত্ৰ অনুসৰি বয়স ১৪ বছৰ দুমাহ। তেওঁ মানৱিয়তাৰ ভিত্তিত জামিন বিচাৰিছিল যদিও আদালতে তেওঁৰ অনুৰোধ নাকচ কৰে।

খবৰ অনুসৰি যোৱা ২ আগষ্টত আৰক্ষীয়ে ৰিমনক তেওঁৰ গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল যদিও এফআইআৰত তেওঁৰ নাম আৰু বয়স বেলেগ বেলেগ ধৰণে লিপিবদ্ধ কৰা হৈছিল। পিছত তদন্তকাৰী বিষয়াজনে নথি-পত্ৰ সংশোধন কৰি নাবালকৰ নাম আৰু বয়স প্ৰতিফলিত কৰে।

এই গোচৰৰ মূলতে হৈছে যোৱা ৩০ মে’ত আৱামী লীগৰ ছাত্ৰ শাখা ছাত্ৰ লীগৰ একাংশ কৰ্মীয়ে স্থানীয় বিদ্যালয় চৌহদত শ্লোগান দি চমু প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ পিছত ৪ জুনত আৰক্ষীয়ে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত গোচৰ ৰুজু কৰি ৰিমনকে ধৰি ১২ জন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে।

ৰাজনৈতিক বিৰোধীৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী আইন ব্যৱহাৰ কৰা বুলি অভিযোগ কৰি আৱামি লীগে এই কাৰ্যক তীব্ৰ সমালোচনা কৰে। জন্মৰ প্ৰমাণ পত্ৰৰ অৱহেলা, নাম আৰু বয়সৰ অমিলৰ অভিযোগ, নাবালকক কাৰাগাৰত বন্দী কৰা আদিয়ে প্ৰশাসনৰ কাম-কাজ আৰু ন্যায়িক প্ৰক্ৰিয়াক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে বুলি দলটোৱে উল্লেখ কৰে।

সম্প্ৰতি এই গোচৰৰ বাবে বিচাৰ চলি থাকিব।

-----------------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande