
শোণিতপুৰ, ০৬ আগষ্ট (হি.স.)। তেজপুৰৰ নিকটৱৰ্তী বিন্দুকুৰিৰ পৰা বান্দৰমাৰিলৈ যিটো গড়কাপ্তানি বিভাগৰ পথ আছে, সেই পথটোৰ বৰ্তমানৰ অৱস্থা অতি শোচনীয় হোৱাৰ বাবে ৰাইজ যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগিব লগা হৈছে । বিশেষকৈ বাঁহবাৰী ডেকাচুবুৰীৰ পৰা বিন্দুকুৰিলৈকে পথছোৱাত সৃষ্টি হোৱা প্ৰকাণ্ড গাত বোৰে যাতায়তকাৰী সকলক জীয়াতু ভোগাইছে ।
দৈনিক সেই পথেৰে অহা যোৱা কৰা ব্যক্তিসকলেহে অনুধাৱন কৰিব পাৰিব সেই কষ্ট । সেইখিনি ঠাইত পথৰ নামত একোৱেই নাই, পথৰ সলনি কেইটামান সৰু সৰু পুখুৰীৰ সমষ্টি আছে।ফটোত দেখা পোৱা সেই পুখুৰী সদৃশ পথটোৱে দুৰ্ঘটনা সংঘটিত কৰাটো অৰিহণা যোগাইছে। বৰছলা, তেজপুৰ, ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত এই পথটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো এই পথেৰে দৈনিক বহুতো ট্ৰাক এফচিআই গুডাম (FCI Godown)ৰ পৰা মিছামাৰিকে ধৰি অন্য বহু ঠাইলৈ অহা যোৱা কৰে। তাৰোপৰি ডাম্পাৰ আৰু অন্য মালবাহী বাহন বোৰটো আছেই। আমি আচৰিত হৈছোঁ এই কাৰণেই যে, ইমানদিনে পিডব্লিউডি আদি কৰি সংশ্লিষ্ট কোনো এটা বিভাগৰে পথটোৰ এই দুৰৱস্থা চকুত পৰা নাইনে? বিশেষকৈ গড়কাপ্তানি বিভাগৰ এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেয়ে অতি সোনকালেই এই পথচোৱাৰ মেৰামতি বা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কিছু পদক্ষেপ লব বুলি সকলো বিভাগ তথা বিভাগীয় কতৃপক্ষক ক্ষোভেৰে দৃষ্টি আকৰ্ষণ কৰিছে স্থানীয় ৰাইজে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ