
ওদালগুৰি, ০৬ আগষ্ট (হি.স.): ওদালগুৰি জিলাৰ কলাইগাঁও সমীপৰ নোৱানৈ নদীত যোৱা কালি বুধবাৰে বিয়লি এজন যুৱক উটি যোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। উদ্ধাৰ অভিযান অব্যাহত আছে যদিও যান্ত্ৰিক বিজুতিৰ বাবে উদ্ধাৰ কাৰ্যত কিছু বাধাৰ সৃষ্টি হৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি, কলাইগাঁও শিংৰিমাৰী বাগিচাৰ কৃষ্ণ ভূমিজ (৩২) নামৰ যুৱকজন নোৱানৈ নদীত উটি নিৰুদ্দেশ হয়। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত কলাইগাঁও আৰক্ষী আৰু অগ্নি আৰু জৰুৰী সেৱা (F&ES)ৰ দল উপস্থিত হয় । কিন্তু, তেওঁলোকৰ যন্ত্ৰচালিত নাওঁখন যান্ত্ৰিক বিজুতিৰ বাবে এতিয়ালৈ চলাব পৰা নোযোৱাত উদ্ধাৰ অভিযানত সমস্যাৰ সৃষ্টি হৈছে । ইফালে, গৰুবান্ধা অঞ্চলত যুৱকজন নদীৰ সোঁতে উটি আহিব পাৰে বুলি সন্দেহ কৰি আৰক্ষী আৰু এছডিআৰএফ-ৰ দল সতৰ্ক অৱস্থাত অপেক্ষা কৰি আছে। যুৱকজনৰ সন্ধানত অভিযান অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ