পুনৰ সন্ধানহীন ৰঙিয়াৰ যুৱক
পুনৰ সন্ধানহীন ৰঙিয়াৰ যুৱক।
পুনৰ সন্ধানহীন ৰঙিয়াৰ যুৱক


কামৰূপ, ০৬ আগষ্ট (হি.স.): এটাৰ পিছতে এটাকৈ নিৰুদ্দেশৰ ঘটনাই এতিয়া ৰঙিয়াত জোকাৰণি তুলিছে । পুনৰ সন্ধানহীন হৈছে ৰঙিয়াৰ যুৱক । যোৱা ৩১ জুলাইৰ পৰা সন্ধানহীন হৈ আছে ৰঙিয়া গুৰকুছিৰ ইমাছ আলী (২৪) নামৰ যুৱকজন । ঘৰৰ পৰা ওলাই যোৱা দিন ধৰি আজিলৈ সন্ধান নাই ইমাছৰ।

ইফালে ইমাছ আলীক বিচাৰি মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকলে বিগত ৬ দিন ধৰি চাৰিওফালে বিচাৰ খোচাৰ কৰে যদিও কোনো ধৰণৰ সন্ধান উলায়াব পৰা নাই ইমাছৰ । পৰিয়ালটো এতিয়া ভূগিছে গভীৰ চিন্তা আৰু শংকাত । মাকৰ চকুত চকুলো, বন্ধুৰ মুখত হাঁহি নাই, ঘৰখনত এতিয়া নীৰৱতা আৰু মাথো অপেক্ষা । ঘটনাৰ পিছতে পৰিয়ালৰ তৰফৰ পৰা ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে ইমাছৰ কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই।

ইমাছ আলীৰ সন্ধান পালে বা তেওঁৰ বিষয়ে কোনো তথ্য থাকিলে ওচৰৰ আৰক্ষী থানা বা পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে ইমাছৰ পৰিয়ালে। এটা পৰিয়ালৰ টোৰ আশা সমাজৰ সকলোৰে সহানুভূতি আৰু সহযোগিতাৰ ওপৰত। ইমাছ আলী ঘৰলৈ ঘূৰি আহক— এয়াই এতিয়া গুৰকুছি গাঁৱৰ সকলোৰে একমাত্র প্ৰাৰ্থনা ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande