শিমলুগুড়ী ৰে'ল সংযোগ পুনৰুদ্ধাৰ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ
-উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকৰ পৰিদৰ্শন; আংশিকভাৱে ৰে''ল সেৱা পুনৰ আৰম্ভ হ''ব -ৰেলপথৰ ওচৰত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰা হ''ব ডিজেল ইঞ্জিনৰ গুৱাহাটী, ০৬ আগষ্ট (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে''লৱেই তি
असमः शिमলगुड़ी रेलवे लाइन को बहाल करने की तैयारी का दृश्य


-উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকৰ পৰিদৰ্শন; আংশিকভাৱে ৰে'ল সেৱা পুনৰ আৰম্ভ হ'ব

-ৰেলপথৰ ওচৰত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰা হ'ব ডিজেল ইঞ্জিনৰ

গুৱাহাটী, ০৬ আগষ্ট (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে'লৱেই তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ শিমলুগুড়ী আৰু সংলগ্ন অঞ্চলত শেহতীয়া বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৰে'লপথ সফলতাৰে পুনৰুদ্ধাৰ কৰিছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে ক্ষতিগ্ৰস্ত অংশসমূহ ভ্ৰমণ কৰি ৰে'লপথ, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰ বিস্তৃত পৰিদৰ্শন কৰে। বান পৰিস্থিতিৰ বাবে বহুসংখ্যক স্থানীয় বাসিন্দা, শিশুসহ, নিজৰ সামগ্ৰী আৰু ঘৰচীয়া পশুধনৰ সৈতে ৰে'লপথৰ ওপৰত বা কাষত আশ্ৰয় লোৱাটো প্ৰত্যক্ষ কৰা যায়। মানৱীয় দিশ বিবেচনা কৰি আৰু জনসাধাৰণৰ সুৰক্ষাক সৰ্বাধিক গুৰুত্ব দি, পুনৰুদ্ধাৰ কৰা অংশত প্ৰাথমিকভাৱে কেৱল ডিজেল ইঞ্জিনেৰে ৰেল পৰিচালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিদ্যুৎস্পৃষ্ট হোৱাৰ আশংকা কম কৰাৰ লগতে পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে বানপীড়িত লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ৰেল নং. ১৫৬৬৯ গুৱাহাটী–ডিব্ৰুগড় নাগালেণ্ড এক্সপ্ৰেছ, ৰে’ল নং. ১৫৬০৩/১৫৬০৪ গুৱাহাটী–লিডু–গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ, ৰে’ল নং. ১৫৯৬৭/১৫৯৬৮ ৰঙিয়া–লিডু–ৰঙিয়া ইণ্টাৰচিটি এক্সপ্ৰেছ, ৰেল নং. ৭৫৬০১/৭৫৬০২ লামডিং–তিনিচুকীয়া–লামডিং ডেমু আৰু ৰেল নং. ৫৫৯১৪ তিনিচুকীয়া–যোৰহাট টাউন পেছেঞ্জাৰ আদি লোকেল ৰেলসমূহ মৰাণহাট হৈ চলাচল কৰিব।

দূৰণীৱটিয়া ৰে’লসমূহ বৰ্তমানে নৰ্থ লখিমপুৰ–ৰঙাপাৰা নৰ্থ–ৰঙিয়া হৈ বিকল্প পথেদি চলাচল অব্যাহত ৰাখিব। লগতে, উজনি অসমলৈ অহা-যোৱা কৰা যাত্ৰীসকলক বিকল্প ৰে'ল সংযোগ প্ৰদানৰ বাবে এনে ৰেল ব্যাহতৰ সময়ছোৱাত বিশেষ ৰেলসমূহ নিয়মীয়াকৈ পৰিচালন কৰা হৈছে।

পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত আৰু বানাক্ৰান্ত লোকসকল নিজ নিজ ঘৰলৈ উভতি যাবলৈ সক্ষম হোৱাৰ লগে লগে সম্পূৰ্ণ ৰে'ল সেৱা পুনৰুদ্ধাৰ কৰাৰ লগতে এই খণ্ডত বৈদ্যুতিক ৰেল চলোৱাৰ বিষয়েও সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।

উত্তৰ-পূব সীমান্ত ৰে'লৱেই বানাক্ৰান্ত ৰাইজ আৰু এই অঞ্চলৰ ৰে'ল যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande