
কাছাৰ (অসম), ০৬ আগষ্ট (হি.স.)। এক গোপন সূত্ৰৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে কালিন থানা এলেকাৰ ডিগোৰাখাল তালাচী চকীত অভিযান চলাই এএছ ০১ এইছচি-৯৭৮১ নম্বৰৰ ১২ চকীয়া ট্ৰাকৰ পৰা ১৩.৩২ লাখ টকাৰ অবৈধ ইণ্ডিয়ান মেড ফৰেইন লিকাৰ (আই এম এফ এল) জব্দ কৰিব সক্ষম হয়। আজি আৰক্ষীয়ে সংবাদ মাধ্য়মক অবগত কৰে, এই গোচৰৰ সৈতে জড়িত চালক সহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, তালাচীৰ সময়ত ট্ৰাক খনত হাঁহ-কুকুৰা আৰু গাহৰিৰ খাদ্যৰ তলত লুকুৱাই থোৱা ৭৪টা কাৰ্টুনত আইএমএফএলৰ ৮৮৮টা বটল (৬৬৬ লিটাৰ) উদ্ধাৰ কৰা হয়। এই বটলবোৰত লিখা আছিল কেৱল মেঘালয়ত বিক্ৰীৰ বাবে। প্ৰাথমিক তদন্তত এই সুৰাৰ চালান মেঘালয়ৰ পৰা মিজোৰামলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে ট্ৰাক চালক আৰু দুজন সহায়ক আটক কৰি ট্ৰাকখন আৰু সুৰাৰ চালান জব্দ কৰে। বিষয়টোৰ ওপৰত প্ৰয়োজনীয় আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে আৰু অধিক তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ