
ইটানগৰ, ০৬ আগষ্ট (হি.স.)। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নড্ডাই বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ কেয়ী পানীয়ৰ জিলাৰ পোছা এণ্ড নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পৰেশ্যন লিমিটেডৰ কলনীত উপস্থিত হৈ ২৪ জুনত হোৱা ডাৱৰ বিস্ফোৰণ আৰু ক্ষন্তেকীয়া বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। তেওঁ সাহায্য, পুনৰ্বাসন আৰু পুনৰুদ্ধাৰৰ কামৰ পৰ্যালোচনাও কৰিছিল।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যিক নগৰ পৰিক্ৰমা মন্ত্ৰী বালো ৰাজা, স্থানীয় বিধায়ক টোকো টাটুং, কেয়ী পানীয়ৰ জিলাৰ উপ আয়ুক্ত অংকিতা মিশ্ৰ,কে ধৰি অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।
এই দুৰ্যোগৰ ফলত ৰাজহুৱা আন্তঃগাঁথনি আৰু ব্যক্তিগত সম্পত্তিৰ ব্যাপক ক্ষতিৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীক অৱগত কৰে বিধায়ক টোকো টাটুঙে। তেওঁ ক্ষতিগ্ৰস্ত লোকসকলক তেওঁলোকৰ সমস্যাৰ বিষয়ে অৱগত কৰে, নাড্ডাৰ ভ্ৰমণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ সহায়ত সাহায্য, পুনৰ্বাসন, আৰু পুনৰ নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে কৰা হ’ব বুলি আশা প্ৰকাশ কৰে।
উপ আয়ুক্ত অংকিতা মিশ্ৰই জিলা প্ৰশাসনে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ্বাসনৰ কামৰ সবিশেষ দাঙি ধৰে। ৰাষ্ট্ৰীয় ঘাইপথ ১৩ৰ কেইবাটাও অংশৰ পথ আৰু দলং গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা বুলিও কয় ছানীয়ে। এই ঘাইপথ অৰুণাচল প্ৰদেশৰ ছখন জিলাক সংযোগ কৰা এটা প্ৰধান পথ, যাৰ বাবে ইয়াৰ তাৎক্ষণিক পুনৰুদ্ধাৰ কৰাটো অতি প্ৰয়োজনীয়।
ইফালে নিপ্পকো ইয়াজালিৰ প্ৰকল্প মুৰব্বী মুনিন চৌধৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ক্ষন্তেকীয়া বানপানীয়ে নিপ্পকোৰ কলনী আৰু প্ৰকল্পৰ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি আৰু পুনৰ কাম-কাজ আৰম্ভ কৰাত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে অৱগত কৰে।
এই ভ্ৰমণৰ সময়ত জে পি নাড্ডাই দুৰ্যোগ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাৰ কথা শুনি কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো সম্ভাৱ্য সহায়ৰ আশ্বাস দিয়ে। তেওঁ উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিছে আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি পুনৰ নিৰ্মাণ, পৰিয়ালসমূহ পুনৰ সংস্থাপন, আৰু স্বাভাৱিক জীৱন পুনৰুদ্ধাৰ কৰিবলৈ যিমান পাৰি সিমান সহায় সহযোগিতা আগবঢ়াব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে দুৰ্যোগ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য আৰু পুনৰ্বাসনৰ কামৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক সময়মতে সাহায্য প্ৰদান কৰাটো নিশ্চিত কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ