অৰুণাচল প্ৰদেশত এটাৰ পিছত আনোটোকৈ এদিনতে চাৰি ঘণ্টাৰ ভিতৰত পাঁচটাকৈ ভূঁইকঁপৰ জোকাৰণি
ইটানগৰ, ০৬ আগষ্ট (হি.স.)। অৰুণাচল প্ৰদেশত বৃহস্পতিবাৰে পুৱা ৩:৪০ বজাৰ পৰা ৭:১৭ বজাৰ ভিতৰত পাঁচটাকৈ ভূমিকম্পৰ কম্পন অনুভূত হৈছিল। ইয়াৰ ভিতৰত ৫.১ জোখৰ আটাইতকৈ প্ৰবল ভূমিকম্পটো আপাৰ ছিয়াং জিলাত পুৱা ৫:৪৫ বজাত অনুভৱ কৰা হয়। ভাৰতীয় ভূমিকম্প বিজ্ঞান
अरुणाचलः उपरी सियांग जिले में आए 5.1 तीव्रता के भूकंप का मानचित्र


ইটানগৰ, ০৬ আগষ্ট (হি.স.)। অৰুণাচল প্ৰদেশত বৃহস্পতিবাৰে পুৱা ৩:৪০ বজাৰ পৰা ৭:১৭ বজাৰ ভিতৰত পাঁচটাকৈ ভূমিকম্পৰ কম্পন অনুভূত হৈছিল। ইয়াৰ ভিতৰত ৫.১ জোখৰ আটাইতকৈ প্ৰবল ভূমিকম্পটো আপাৰ ছিয়াং জিলাত পুৱা ৫:৪৫ বজাত অনুভৱ কৰা হয়।

ভাৰতীয় ভূমিকম্প বিজ্ঞান জৰীপৰ তথ্য অনুসৰি ২.৮ প্ৰাবল্যৰ প্ৰথমটো ভূমিকম্প আপাৰ ছিয়াঙত পুৱা ৩:৪০ বজাত অনুভৱ কৰা হৈছিল।ভূমিকম্পৰ কেন্দ্ৰস্থল ২৮.৯৪° উত্তৰ অক্ষাংশ আৰু ৯৪.৭৪° পূব দ্ৰাঘিমাংশত অৱস্থিত এলেকাত ভূপৃষ্ঠৰ পৰা ৫ মিটাৰ গভীৰতাত আছিল।

একেদৰে ৩.২ প্ৰাবল্যৰ দ্বিতীয়টো ভূমিকম্প পুৱা ৩:৫৫ বজাত আপাৰ ছিয়াঙত অনুভৱ কৰা হয় । এই ভূমিকম্পৰ কেন্দ্ৰস্থল ২৮.৯২৬ উত্তৰ অক্ষাংশ আৰু ৯৪.৮০৬ পূব দ্ৰাঘিমাংশত ভূপৃষ্ঠৰ পৰা ৭ মিটাৰ গভীৰতাত আছিল।

আনহাতে পুৱা ০৪:৩৪ বজাত আপাৰ ছিয়াঙত ২.৮ প্ৰাবল্যৰ তৃতীয়টো ভূমিকম্প অনুভৱ কৰা হয়। এইভূমিকম্পৰ কেন্দ্ৰস্থল ২৮.৮৬৩ উত্তৰ অক্ষাংশ আৰু ৯৪.৮৯০ পূব দ্ৰাঘিমাংশত ভূপৃষ্ঠৰ পৰা ১৩ মিটাৰ গভীৰতাত আছিল ।

পুৱা ০৫:৪৫ বজাত আপাৰ ছিয়াঙত ৫.১ প্ৰাবল্যৰ চতুৰ্থটো ভূমিকম্প অনুভূত হয় । এইভূমিকম্পৰ কেন্দ্ৰস্থল ২৯.১২৪ উত্তৰ অক্ষাংশ আৰু ৯৪.৮৫৬ পূব দ্ৰাঘিমাংশত ভূপৃষ্ঠৰ পৰা ১১ মিটাৰ গভীৰতাত আছিল।

ইফালে পুৱা ০৭:১৭ বজাত আপাৰ ছিয়াঙত ৩.৫ প্ৰাবল্যৰ পঞ্চমটো ভূমিকম্প অনুভৱ কৰা হয়। এইভূমিকম্পৰ কেন্দ্ৰস্থল ২৮.৯৮৭ উত্তৰ অক্ষাংশ আৰু ৯৪.৭৭৪ পূব দ্ৰাঘিমাংশত ভূগৰ্ভস্থ ৫ মিটাৰ গভীৰতাত আছিল।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande