
তামুলপুৰ, ০৬ আগষ্ট (হি.স.)। ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী সকলৰ উচ্চ শিক্ষাৰ পথ সুগম কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত আজি সমগ্ৰ অসমতে ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি’ আৰু ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’-ৰ আৱেদনপত্ৰ বিতৰণৰ এক অভিলাষী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত মূল কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনি দুখনৰ আৱেদনপত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
এই মূল অনুষ্ঠানটো সমগ্ৰ ৰাজ্যৰ শিক্ষা প্ৰতিষ্ঠানত একেলগে ভাৰ্চুৱেলী প্ৰদৰ্শন কৰোৱা হয় আৰু ইয়াৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্রান্তত আৱেদনপত্ৰ বিতৰণ কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ অংশস্বৰূপে তামুলপুৰ জিলাৰ বৰনগৰস্থিত তামুলপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা কাৰ্যসূচীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, বিটিচিৰ কাৰ্য্যবাহী সদস্য লক্ষী দাস, প্ৰাক্তন পাৰিষদ হেমন্ত কুমাৰ ৰাভাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আৱেদনপত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে।
ইফালে তামুলপুৰ ডিগ্ৰী কলেজতো অনুৰূপ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ বিপৰীতে জিলাখনৰ গোৰেশ্বৰ মহাবিদ্যালয়তো গোৰেশ্বৰ বিধানসভা সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাসৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই আৱেদনপত্ৰসমূহ বিতৰণ কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ