
যোৰহাট, ০৬ আগষ্ট (হি.স.): যোৰহাট চহৰৰ ৰজাবাৰী পৰিজাত নগৰ অঞ্চলত পুনৰ দেখা দিছে কৃত্ৰিম বানপানীৰ সমস্যাই। সামান্য বৰষুণ হ’লেই অঞ্চলটোৰ পথ-ঘাট আৰু বহু ঘৰত পানী সোমাই স্বাভাৱিক জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বিগত প্ৰায় ৬ বছৰে এই সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ প্ৰায় ৩০০ৰো অধিক বাসিন্দা।
বাসিন্দাসকলে জনোৱা মতে, একাধিকবাৰ সংশ্লিষ্ট বিভাগ আৰু জনপ্ৰতিনিধিৰ ওচৰত সমস্যাটো উত্থাপন কৰাৰ পিছতো আজিলৈকে স্থায়ী সমাধানৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ফলত প্ৰতিটো বৰষুণৰ সময়তে আতংকৰ মাজেৰে দিন কটাবলগীয়া হয় অঞ্চলবাসীয়ে। স্থানীয় ৰাইজে অভিযোগ কৰে যে, তেওঁলোকৰ স্থানীয় বিধায়কে আজিলৈকে এই সমস্যা স্বচক্ষে পৰিদৰ্শন কৰিবলৈও অঞ্চলটোত পদাৰ্পণ কৰা নাই। ইয়াৰ ফলত ক্ষোভ বৃদ্ধি পাইছে বাসিন্দাসকলৰ মাজত।
অঞ্চলবাসীয়ে অতি শীঘ্ৰে উপযুক্ত পানী নিষ্কাশন ব্যৱস্থা গঢ়ি তুলি কৃত্ৰিম বানপানীৰ স্থায়ী সমাধানৰ দাবী জনাইছে। লগতে জনপ্ৰতিনিধি আৰু প্ৰশাসনে ঘটনাস্থলী পৰিদৰ্শন কৰি বাস্তৱ অৱস্থা বুজি তৎকালীন ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ