
কোকৰাঝাৰ, ০৫ আগষ্ট (হি.স.)। বি টি চিত দ্ৰুত গতিত উন্নয়ন যাত্ৰা।
কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপাৰাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন।
স্থানীয় বিধায়িকা শেউলী মহিলাৰীৰ উপস্থিতিত বি টি চিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাসাৎ বসুমতাৰীয়ে স্থাপন কৰে দহখন বিচনা যুক্ত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আঁচনিৰ অধীনত ছয় মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য।
নিৰ্মান কাৰ্য সম্পুৰ্ণ হোৱাৰ পিছতে চিকিৎসক, নাৰ্চ লগতে ঔষধ পাতি মজুত ৰখা হ'ব ।
বি টি চিৰ পাঁচখন জিলাত মুঠ ১২ খন একেধৰণৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰা হ'ব।
কোকৰাঝাৰ বিধানসভা সমষ্টিৰ লুংচুং অঞ্চলত মাজে সময় দেখা দিয়া মেলেৰিয়া প্ৰাদূৰ্ভাৱ প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব এই স্বাস্থ্য কেন্দ্ৰই।
২.৪০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব উক্ত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা