বানৰ কবলত জামুগুৰিহাটৰ কেইবাখনো গাঁও
শোণিতপুৰ, ০৫ আগষ্ট (হি.স.)। বানৰ কবলত জামুগুৰিহাটৰ কেইবাখনো গাঁও। দিকৰাই নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলালে বিস্তৃণ অঞ্চল। - উজনি অসমৰ পিছত এইবাৰ বানৰ কাবলত পৰিছে উত্তৰ অসম।চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ফেনে ফুটুকাৰে বাঢ
বানৰ কবলত জামুগুৰিহাটৰ কেইবাখনো গাঁও


শোণিতপুৰ, ০৫ আগষ্ট (হি.স.)। বানৰ কবলত জামুগুৰিহাটৰ কেইবাখনো গাঁও। দিকৰাই নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলালে বিস্তৃণ অঞ্চল।

- উজনি অসমৰ পিছত এইবাৰ বানৰ কাবলত পৰিছে উত্তৰ অসম।চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা দিকৰাই নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে জামুগুৰিহাটৰ নৰোৱা,বালিবাড়ি ,ঢেকেৰিগাঁওকে ধৰি কেইবাটাখনো গাঁও। বাঢ়নি পানীয়ে বুৰাই পেলাইছে গাঁও বাসিন্দাৰ বাসগৃহ। বুৰাই পেলাইছে পশুধনৰ গোহালী। ইতিমধ্যেই বানাক্ৰান্তই ঢাপলি মেলিছে ওখ স্থানলৈ। ইতিমধ্যেই বানপীড়িত অঞ্চল পৰিভ্ৰমণ কৰি ক্ষয় ক্ষতিৰ বুজ লৈছে বিধায়ক পদ্ম হাজৰিকাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande