
ধৈর্য ধৰক, সাহস নেহেৰুৱাব, আমি আছো আপোনালোকৰ লগত: ড০ হিমন্ত বিশ্ব শর্মা
গুৱাহাটী, ০৫ আগষ্ট (হি.স.)। কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নড্ডাই অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বিভিন্ন বানবিধ্বস্ত অঞ্চল পৰ্য্যবেক্ষণ কৰে। শিৱসাগৰৰ বানেধোৱা নেপালীখুঁটিৰ বানবিধ্বস্ত পৰিৱেশ প্রত্যক্ষ কৰি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্রলংকাৰী বানে অকল্পনীয় ক্ষতি কৰিলে । যিমান ক্ষয়-ক্ষতি হ'ল, সুস্থিৰ হ'বলৈ কিছু সময় লাগিব । ক্ষতিগ্রস্ত পৰিয়ালসমূহক আর্থিক সাহায্যৰ লগতে সকলো সহায় কৰিব কেন্দ্ৰীয় চৰকাৰে। এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰে অসমৰ বানবিধ্বস্ত ৰাইজৰ লগত আছে ।
আজি সন্ধিয়া ৬-৩০ বজাত ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত কেন্দ্রীয় মন্ত্রী জে পি নড্ডা, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মুখ্যমন্ত্ৰীৰ বিভাগীয় বিষয়াৰ সৈতে উজনিৰ ভয়াবহ বানক লৈ পর্যালোচনা বৈঠকত মিলিত হ'ব ।
অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৃষ্টি হোৱা এই অনাকাংক্ষিত আৰু অস্বাভাৱিক বানৰ মূল উৎস নাগালেণ্ডৰ মন জিলা । সেইবাবে কেন্দ্রীয় মন্ত্রী জে পি নড্ডাই অসমৰ বানপৰিস্থিতি পৰ্য্যবেক্ষণ কৰাৰ পিছত নাগালেণ্ডৰ মন জিলা পৰিদৰ্শন কৰিব । নাড্ডাৰ সৈতে নেপালীখুঁটি পৰিদৰ্শনৰ সময়ত সংগ দিয়া মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে নেপালীখুঁটিৰ বাসিন্দাসকল গো-পালনৰ ওপৰত নিৰ্ভৰশীল।
মুখ্যমন্ত্ৰীগৰাকীয়ে বানত নেপালীখুঁটিৰ বাসিন্দাসকলৰ যিমান গোধনৰ মৃত্যু হৈছে সম-পৰিমাণৰ গোধন চৰকাৰে প্ৰদান কৰিব বুলি আশ্বাস দিয়ে । লগতে বানত আক্রান্ত হৈ গৃহহীন হোৱা বা বানত বিধ্বস্ত হোৱা প্রতিটো পৰিয়ালৰে সপোনৰ ঘৰটো বনাই দিয়াৰ আশ্বাস প্রদান কৰে মুখ্যমন্ত্ৰীয়ে ।
শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত যোৱা তিনিদিন ধৰি মুখ্যমন্ত্ৰীয়ে বাহৰ পাতি থাকি বানবিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বিভীষিকাময় বানত ক্ষতি হোৱা প্ৰতিটো আন্তঃগাথনি পুনৰ কাৰ্যর্যক্ষম কৰি তোলাই আমাৰ পৰৱৰ্তী লক্ষ্য বুলি ঘোষণা কৰে। লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বানাক্রান্তক আহ্বান জনাই কয় যে, ধৈর্য্য ধৰক, সাহস নেহেৰুৱাব, আমি আঁছো আপোনালোকৰ লগত, আপোনলোকৰ কাষত”। বিৰাম-বিশ্রামহীনভাবে বানপীড়িত ৰাইজৰ ক্ষয়-ক্ষতিৰ বাস্তৱ পৰিস্থিতিৰ বুজ লোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সম্পূর্ণ সহানুভূতিশীল দৃষ্টিভংগীৰে ক্ষয়-ক্ষতিৰ মূল্যায়ন সম্পন্ন কৰিবলৈ বিষয়াসকলক নির্দেশনা প্রদান কৰিছে যাতে প্ৰতিগৰাকী ক্ষতিগ্রস্ত লোকে ন্যায্য সহায় লাভ কৰি স্বাভাৱিক জীবন যাত্রালৈ ওভতি আহিব পাৰে।
অসম প্রদেশ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰকাশিত প্ৰেছ বিজ্ঞপ্তিত এনে সংকটৰ সময়ত বোকা ছটিওৱা ৰাজনীতিৰ উর্দ্ধত গৈ ককাললৈকে পানী ভাঙি বানাক্ৰান্তৰ অঞ্চলসমূহ পৰিদৰ্শন কৰা বাবে মুখ্যমন্ত্ৰীক অখিল গগৈয়ে জনোৱা প্রশংসা এক ইতিবাচক ৰাজনীতিৰ নিদৰ্শন বুলি অভিহিত কৰে ৰাজ্যিক মুখপাত্র ড০ দেৱজিৎ মহন্তই । লগতে মুখপাত্র ড০ মহন্তই কয় যে এনে সংবেদনশীল সময়ত কংগ্রেছে যি ৰাজনৈতিক বোকা ছটিওৱাৰ যুদ্ধত লিপ্ত হ'ব খুজিছে সেয়া কোনোপদ্ধেই গ্রহণযোগ্য নহয় । বানত আক্রান্ত হোৱা লোকসকল আমাৰে আই-মাতৃ, দাদা-বাই-ভনী ।
অসমৰ ৰাজনৈতিক ইতিহাসত কোনগৰাকী মুখ্যমন্ত্রী কঁকাললৈকে পানীত নামি শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বানাক্ৰান্তৰ কাষত থিয় দিছে সেয়া ৰাইজে জানে, সেয়া ৰাইজে দেখিছে। সকলো সময়তে বোকা ছটিওৱাৰ ৰাজনীতি কৰিব বিচৰা কংগ্ৰেছক মুখপাত্র ড০ মহন্তই প্রশ্ন কৰে বানেধোৱা এই সংকটৰ সময়ত কংগ্ৰেছ দলে শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বানাক্ৰান্তৰ প্ৰতি দল হিচাপে কি সহায় আগবঢ়াইছে সেয়া ৰাজহুৱা কৰক প্ৰদেশ কংগ্রেছে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী