ট্ৰাম্পৰ কেলিফৰ্ণিয়া গলফ খেলপথাৰত গ্ৰেপ্তাৰ কৰা সন্দেহজনক লোক, উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক
ৱাশ্বিংটন, ০৫ আগষ্ট (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কেলিফৰ্ণিয়া গ’ল্ফ খেলপথাৰত ২ আগষ্টত গ্ৰেপ্তাৰ কৰা হয় এজন সন্দেহযুক্ত লোকক। তেওঁৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয়। এই ঘটনাই নিৰাপত্তা আৰু আইন প্ৰয়োগকাৰী সংস্থাক আতংক
राष्ट्रपति डोनाल्ड ट्रंप को गोल्फ का शौक है। फोटो - इंटरनेट मीडिया


ৱাশ্বিংটন, ০৫ আগষ্ট (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কেলিফৰ্ণিয়া গ’ল্ফ খেলপথাৰত ২ আগষ্টত গ্ৰেপ্তাৰ কৰা হয় এজন সন্দেহযুক্ত লোকক। তেওঁৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয়। এই ঘটনাই নিৰাপত্তা আৰু আইন প্ৰয়োগকাৰী সংস্থাক আতংকিত কৰি তুলিছে। লছ এঞ্জেলছ কাউন্টি শ্বেৰিফ বিভাগে মঙলবাৰে এক বিবৃতিত কয় যে দেওবাৰে দক্ষিণ কেলিফৰ্ণিয়াৰ ট্ৰাম্প নেশ্যনেল গ’ল্ফ ক্লাবৰ বাহিৰত এজন অস্ত্ৰধাৰী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ফেডাৰেল এজেণ্টৰ মতে, সন্দেহযুক্ত লোকজনে চৌহদত ঘূৰি ফুৰিছিল।

চিএনএনৰ এক প্ৰতিবেদন অনুসৰি ফেডাৰেল আইন প্ৰয়োগকাৰী সূত্ৰই জনোৱা মতে, গোপন সেৱাই এই লোকজনে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বাবে ভাবুকি কঢ়িয়াই আনিছে নেকি সেই বিষয়ে তদন্ত কৰি আছে। কেলিফৰ্ণিয়ালৈ যোৱাৰ পথত এয়াৰ ফৰ্চ ১ত উঠি ট্ৰাম্প আছিল যেতিয়া সন্দেহজনক লোকজনক গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰা হয়। মঙলবাৰে সন্ধিয়া ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ৰেঞ্চো পাল’ছ ভাৰ্ডেছ গ’ল্ফ খেলপথাৰত ৰিপাব্লিকান নেশ্যনেল কমিটীৰ ডিনাৰত অংশগ্ৰহণ কৰাৰ কথা।

বিষয়াসকলৰ মতে, সন্দেহযুক্ত লোকজন ডাউনীৰ ৩৮ বছৰীয়া জিনিন জন টেলি বুলি চিনাক্ত কৰা হৈছে। তেওঁ কয় যে ইতিমধ্যে টেলিৰ বিৰুদ্ধে এল চেগুণ্ডোত ডকাইতিৰ গোচৰ ৰুজু কৰা হৈছে। শ্বেৰিফ বিভাগৰ মতে, টেলিয়ে খেলপথাৰখনৰ ফটো তুলি ভিডিঅ’ কৰি আছিল, নিৰাপত্তাৰক্ষীৰ কাৰ্যকলাপ নিৰীক্ষণ কৰা যেন দেখা গৈছিল। গোপন অস্ত্ৰ লৈ যোৱা আৰু নিষিদ্ধ গোলাবাৰুদ ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে তেওঁক।

লছ এঞ্জেলছ কাউন্টি জিলা এটৰ্নীৰ কাৰ্যালয়ৰ মতে, মঙলবাৰে টেলিয়ে চাৰিটা অভিযোগত নিজকে দোষমুক্ত বুলি স্বীকাৰ কৰে। ইয়াৰ ভিতৰত ২০২৫ চনৰ নৱেম্বৰ মাহত ডকাইতি আৰু ট্ৰাম্প নেশ্যনেল গ’ল্ফ ক্লাবত শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱাৰ পিছত দাখিল কৰা অস্ত্ৰ-শস্ত্ৰ সম্পৰ্কীয় তিনিটা অভিযোগ আছে।

শ্বেৰিফ বিভাগে জনোৱা মতে, সোমবাৰে এফ বি আইৰ যৌথ সন্ত্ৰাসবাদ বিৰোধী টাস্ক ফ’ৰ্চৰ গোচৰীয়াই টেলিৰ ঘৰত তালাচী চলাই এ আৰ ষ্টাইলৰ ৰাইফল, .৪৫ কেলিবাৰ পিষ্টল, বডি আৰ্মৰ, উচ্চ ক্ষমতাসম্পন্ন মেগজিন, গোলাবাৰুদ আৰু ৰেডিঅ’ চিগনেল ডিভাইচৰ তথ্য থকা এখন বহী উদ্ধাৰ কৰে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande