ৰেলৱে নিযুক্তি ব'ৰ্ডৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে পৰীক্ষা বিশেষ ৰে'ল পৰিচালন ভাৰতীয় ৰে'লৱেৰ
গুৱাহাটী, ০৫ আগষ্ট (হি.স.)। ৰে''লৱে নিযুক্তি ব''ৰ্ডৰ পৰীক্ষাত অৱতীৰ্ণ হ''বলগীয়া প্ৰাৰ্থীসকলৰ সুবিধাৰ্থে আৰু পৰীক্ষাকালীন যাত্ৰীৰ সম্ভাৱ্য ভিৰ নিয়ন্ত্ৰণৰ উদ্দেশ্যে ভাৰতীয় ৰে''লৱেই পৰীক্ষা বিশেষ ৰে''ল পৰিচালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই
ৰেলৱে নিযুক্তি ব'ৰ্ডৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে পৰীক্ষা বিশেষ ৰে'ল পৰিচালন ভাৰতীয় ৰে'লৱেৰ


গুৱাহাটী, ০৫ আগষ্ট (হি.স.)। ৰে'লৱে নিযুক্তি ব'ৰ্ডৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ সুবিধাৰ্থে আৰু পৰীক্ষাকালীন যাত্ৰীৰ সম্ভাৱ্য ভিৰ নিয়ন্ত্ৰণৰ উদ্দেশ্যে ভাৰতীয় ৰে'লৱেই পৰীক্ষা বিশেষ ৰে'ল পৰিচালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে যাৰ জৰিয়তে পৰীক্ষাৰ্থী আৰু অন্যান্য যাত্ৰীসকলৰ বাবে অতিৰিক্ত ভ্ৰমণৰ সুবিধা উপলব্ধ কৰাৰ উদ্দেশ্যে ৰে’ল নং. ০৮১৮১/০৮১৮২ টাটানগৰ – ৰামপুৰ বাজাৰ – টাটানগৰ পৰীক্ষা বিশেষ ৰে'লখন পৰিচালন কৰা হ'ব।

ৰে’ল নং. ০৮১৮১ টাটানগৰ – ৰামপুৰ বজাৰ পৰীক্ষা বিশেষ ৰে'ল চলিত বৰ্ষৰ ৩ আগষ্টৰ পৰা ৬ আগষ্টলৈ আৰু ৯ আগষ্টৰ পৰা ১৪ আগষ্টলৈ প্ৰতিদিনে ১৯:৩০ বজাত টাটানগৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব । আনহাতে, ৰে’ল নং. ০৮১৮২ ৰামপুৰ বাজাৰ – টাটানগৰ পৰীক্ষা বিশেষ ৰে'লখন চলিত বৰ্ষৰ ৪ আগষ্টৰ পৰা ৭ আগষ্টলৈ আৰু ১০ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিদিনে ১০:০০ বজাত ৰামপুৰ বাজাৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব । উভয় ৰে'লেই ১০ টা ট্ৰিপৰ বাবে চলাচল কৰিব আৰু পৰীক্ষাকালীন সময়ত অতিৰিক্ত ৰে'ল সংযোগৰ সুবিধা আগবঢ়াব ।

এই পৰীক্ষা বিশেষ ৰে'লখনত ১৬টা ডবা থাকিব, যাৰ ফলত যাত্ৰীসকলৰ বাবে অধিক আসনৰ সুবিধা উপলব্ধ হ'ব। বিভিন্ন অঞ্চলৰ পৰা অহা পৰীক্ষাৰ্থীসকলৰ সুগম যাত্ৰা কৰাৰ অৰ্থে ৰে’লখনৰ যাত্ৰাপথত ৰে'লখন খড়গপুৰ জংচন, আন্দুল, ডানকুনি, বর্ধমান জংচন, বোলপুৰ শান্তিনিকেতন, ৰামপুৰ হাট, পাকুৰ, নিউ ফাৰাক্কা জংচন, মালদা টাউন, একলাখী, বুনিয়াদপুৰ আৰু গংগাৰামপুৰ ষ্টেচনত ষ্টপেজ থাকিব।

এই পৰীক্ষা বিশেষ ৰে'লখন চলোৱাৰ জৰিয়তে ভাৰতীয় ৰে'লৱেই পৰীক্ষাৰ্থীসকলক নিৰাপদ, সুবিধাজনক আৰু বাধাহীন যাত্ৰা নিশ্চিত কৰাৰ লগতে নিয়মীয়া ৰে'লসমূহত যাত্ৰীৰ ভিৰ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতিকে পুনৰবাৰ প্ৰতিফলিত কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande