তেজপুৰত নিঃশেষ প্ৰাকৃতিক হোলা,পথাৰঃকৃত্ৰিম বানৰ কৱলত চহৰৰ একাধিক অঞ্চল
শোণিতপুৰ, ০৫ আগষ্ট (হি.স.)। তেজপুৰৰ প্ৰাকৃতিক হোলা, খেতিপথাৰ আদি প্ৰায় নিঃশেষ হোৱাৰ বিপৰীতে ত্ৰুটিপূৰ্ণ নলা-নৰ্দমা তথা নলা বিহীন অৱস্থাৰ বাবেই চহৰখনত পৰা নেতিবাচক প্ৰভাৱৰ ছবিখন আজি পুৱাৰে পৰাই পুনৰ স্পষ্ট হৈ পৰে ৷ তেজপুৰৰ বিভিন্ন অঞ্চল আজি পুৱাৰে প
তেজপুৰত নিঃশেষ প্ৰাকৃতিক হোলা,পথাৰঃকৃত্ৰিম বানৰ কৱলত চহৰৰ একাধিক অঞ্চল


শোণিতপুৰ, ০৫ আগষ্ট (হি.স.)। তেজপুৰৰ প্ৰাকৃতিক হোলা, খেতিপথাৰ আদি প্ৰায় নিঃশেষ হোৱাৰ বিপৰীতে ত্ৰুটিপূৰ্ণ নলা-নৰ্দমা তথা নলা বিহীন অৱস্থাৰ বাবেই চহৰখনত পৰা নেতিবাচক প্ৰভাৱৰ ছবিখন আজি পুৱাৰে পৰাই পুনৰ স্পষ্ট হৈ পৰে ৷ তেজপুৰৰ বিভিন্ন অঞ্চল আজি পুৱাৰে পৰাই কৃত্ৰিম বানৰ কৱলত পৰে ৷ তেজপুৰৰ চানমাৰী, ঊষানগৰ, ঘৰপৰা চুবুৰী, বৰুৱা চুবুৰী আদি অঞ্চল কৃত্ৰিম বানৰ কৱলত পৰে । এনে অঞ্চল সমূহৰ ভালেসংখ্যক লোকৰ বাসগৃহত বাঢ়নী পানীয়ে প্ৰৱেশ কৰে ৷ কেবাটাও পথৰ বৃহৎ অংশ এই কৃত্ৰিম বানত বুৰ যায়৷

উল্লেখযোগ্য যে, বৰ্তমান তেজপুৰৰ কেতেকীবাৰী,ৰঙাপুখুৰী পাৰ, বাৰহলীয়া, ৰবৰবাগান, মহাভৈৰৱ, ভৈৰৱ নগৰ, নেপালী পট্টি আদিৰ প্ৰাকৃতিক হোলা নিঃশেষ হোৱাৰ বিপৰীতে চহৰখনৰ পাৰ্শ্বৱৰ্তী সকলো অঞ্চলতে থকা পূৰ্বৰ শ শ বিঘা দ কৃষিভূমি পুতি ইয়াত বিভিন্ন নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হয় ৷ আনকি মৰাভৰলী নৈৰ বুকুও পুতি ইয়াত নিৰ্মাণ কাৰ্য চলোৱা হৈছে ৷ সহজেই খেতি পথাৰৰ শ্ৰেণী পৰিৱৰ্তন কৰি ইয়াত বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠান, নাৰ্ছিংহ’ম, অট্টালিকা আদি নিৰ্মাণ কৰা হয় ৷ পৰিস্থিতি এনে পাইছেগৈ যে, ভৱিষ্যতে তৰাজান কুমাৰগাঁও, ডিপোটা, গটঙা আদি অঞ্চলো কৃত্ৰিম বানৰ কৱলত পৰাৰ আশংকা বৃদ্ধি পাইছে ইয়াৰ দ পথাৰ সমূহ বিক্ৰীৰ বাবে ৷

ইপিনে বৰ্তমান ডিপোটাৰ পৰা ছাগলী আহতৰ তল পৰ্যন্ত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰ কাষৰ দহোলা মাটি বিক্ৰীৰ বাবে অহৰ্নিশে দালাল চক্ৰই বিভিন্ন কৌশল অৱলম্বন কৰিছে একাংশ ব্যৱসায়ীকগোষ্ঠীৰ সহযোগত ৷ উল্লেখযোগ্য যে, ডিপোটাৰ এই হোলা অঞ্চল আকৌ বনৰীয়া হাতী অহা যোৱা কৰা পথ হিচাপে চিহ্নিত আৰু ইয়াত দুয়োমূৰে দুখন পকী ফলকো স্হাপন কৰা আছিল ৷ শোণিতপুৰ প্ৰশাসন আৰু বনবিভাগে স্থাপন কৰা এই দুখন পকী ফলক যোৱা ছেপ্টেম্বৰত এবাৰ দুৰ্বৃত্তই ভঙাৰ পিছত পুনৰ স্হাপন কৰা হৈছিল য’দিও এইবাৰ জুলাইত পুনৰ এইদুখন পকী ফলক দৰ্বৃত্তই ভাঙি পেলায় ৷ কিন্তু চৰকাৰী পকী ফলক ভঙাৰ আঁৰত একাংশ ব্যৱসায়ী আৰু মাটিৰ দালালেই জড়িত থকা বুলি ব্যাপক চৰ্চা হোৱা সত্বেও আজিলৈকে ইয়াৰ বিৰুদ্ধে শক্তিশালী অনুসন্ধান চলোৱা হোৱা নাই আৰু ফলকদুখন পুনৰ স্থাপন কৰাৰ ব্যৱস্থা নকৰাত এই দালাল চক্ৰটোৰ স’তে চৰকাৰী পক্ষৰো ভিতৰুৱা বুজাবুজি থকা বুলি চৰ্চিত হৈছে ৷

এই অংশ ক্ৰয় বিক্ৰয়ৰে ইয়াত নতুন নিৰ্মাণ কাৰ্য আৰম্ভ হ’লেই বনৰীয়া হাতীৰ যাতায়াত বাধাগ্ৰস্ত হোৱাৰ লগতে ১৫নম্বৰ ৰাষ্ট্ৰীয় পথো বাৰিষা বুৰ যোৱাৰ সম্ভাৱনা আছে বুলি কয় স্থানীয় একাংশ লোকে ৷ ইপিনে,যোৱা সময়চোৱাত হোটেল নিৰ্মাণৰ উদ্দেশ্যে বামুনি পাহাৰৰ এটা অংশ খননৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া আৰু ৰাজহুৱা বিৰোধিতা হোৱাত পাহাৰটোৰ কটা বন্ধ হৈছিল য’দিও ইতিমধ্যে কটা অংশটোৰ বাবেই আজি ইয়াত ভূমি স্খলনৰ ঘটনাও সংঘটিত হৈ আহিছে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande