কৃত্ৰিম বানৰ বিভীষিকাৰ মাজতে জাগীৰোডত বন্যহস্তীৰ উপদ্ৰৱ
মৰিগাঁও, ০৫ আগষ্ট (হি.স.)। কৃত্ৰিম বানৰ বিভীষিকাৰ মাজতে জাগীৰোডত বন্যহস্তীৰ উপদ্ৰৱ৷ মঙ্গলবাৰে নিশা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় জাগীৰোডৰ চাৰাংকুছিত৷ নেৰানেপেৰা বৰষুণৰ মাজতে বন্যহস্তীৰ উপদ্ৰৱত শংকিত হৈ পৰে কেইবাটাও পৰিয়াল৷ বনৰীয়া হাতীয়ে ভাঙি লণ্ডভণ
কৃত্ৰিম বানৰ বিভীষিকাৰ মাজতে জাগীৰোডত বন্যহস্তীৰ উপদ্ৰৱ


মৰিগাঁও, ০৫ আগষ্ট (হি.স.)। কৃত্ৰিম বানৰ বিভীষিকাৰ মাজতে জাগীৰোডত বন্যহস্তীৰ উপদ্ৰৱ৷

মঙ্গলবাৰে নিশা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় জাগীৰোডৰ চাৰাংকুছিত৷ নেৰানেপেৰা বৰষুণৰ মাজতে বন্যহস্তীৰ উপদ্ৰৱত শংকিত হৈ পৰে কেইবাটাও পৰিয়াল৷ বনৰীয়া হাতীয়ে ভাঙি লণ্ডভণ্ড কৰে মিনু বৰদলৈৰ লগতে আন কেইবাটাও বাসগৃহ আৰু আচবাব৷ পূৰ্বেও অঞ্চলটোত কেইবাবাৰো বনৰীয়া হাতীয়ে অনিষ্ট কৰিছে যদিও চৰকাৰৰ তৰফৰ পৰা কোনো সাহাৰ্য নোপোৱাৰ অভিযোগ ভুক্তভোগীৰ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande