কলগাছিয়াত জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত পথ সুৰক্ষা সজাগতা সভা
বৰপেটা, ০৫ আগষ্ট (হি.স.)। কলগাছিয়াত জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত পথ সুৰক্ষা সজাগতা সভা। ৰাইজক সজাগ হ''বলৈ আহ্বান ডি টি অ বাপন কলিতাৰ। বাইক আৰোহীক হেলমেট পৰিধানৰ আহ্বান। সঘনাই সংঘটিত হোৱা পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে আজি কলগাছিয়া চাৰি
কলগাছিয়াত জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত পথ সুৰক্ষা সজাগতা সভা


বৰপেটা, ০৫ আগষ্ট (হি.স.)। কলগাছিয়াত জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত পথ সুৰক্ষা সজাগতা সভা। ৰাইজক সজাগ হ'বলৈ আহ্বান ডি টি অ বাপন কলিতাৰ। বাইক আৰোহীক হেলমেট পৰিধানৰ আহ্বান।

সঘনাই সংঘটিত হোৱা পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে আজি কলগাছিয়া চাৰিআলি চকত বৰপেটা জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত এটা সজাগতা সভা অনুষ্ঠিত কৰে। বৰপেটা জিলা পৰিবহণ বিষয়া বাপন কলিতাই সজাগতা সভাত উপস্থিত থাকি ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। তেওঁ কয়, নিজৰ সন্তানৰ হাতত বাইকখন তুলি দিয়াৰ আগতে হেলমেট তুলি দিয়ক। পথ সুৰক্ষা জীৱন ৰক্ষা। এইদৰে ভাষণ প্ৰদান কৰি যুৱক সকলৰ লগতে অভিভাৱক সকলকো সজাগ হ'বলৈ আহ্বান জনায়। লগতে যুৱক সকলে সুৰাপান কৰি, হেলমেট পৰিধান নকৰাকৈ, ছিট বেল্ট নলগোৱাকৈ আৰু অত্যাধিক তীব্ৰ বেগেৰে বাহন নচলাবলৈ আহ্বান জনায়। সভাত কলগাছিয়া থানাৰ আৰক্ষী বিষয়া হিতেশ হালৈৰ লগতে স্থানীয় সচেতন ৰাইজ উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande