ওৰাঙৰ পাগলাদিয়া নদীৰ জলস্তুৰ বৃদ্ধি
দৰং, ০৫ আগষ্ট (হি.স.)। দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত এইবাৰ শিৱসাগৰত নহয় ভূটান পাহাৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত হঠাৎ ওৰাঙৰ পাগলাদিয়া নদীৰ জলস্তুৰ বৃদ্ধি হৈ বানপানীৰ কবলত প্রায় বহুকেইখনখন ৰাজহ গাঁও | ফুহুৰাবাৰী, দফলাপোটা, কাঠপুৰী, আওনাজুলী, ম
ওৰাঙৰ পাগলাদিয়া নদীৰ জলস্তুৰ বৃদ্ধি


দৰং, ০৫ আগষ্ট (হি.স.)। দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত এইবাৰ শিৱসাগৰত নহয় ভূটান পাহাৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত হঠাৎ ওৰাঙৰ পাগলাদিয়া নদীৰ জলস্তুৰ বৃদ্ধি হৈ বানপানীৰ কবলত প্রায় বহুকেইখনখন ৰাজহ গাঁও |

ফুহুৰাবাৰী, দফলাপোটা, কাঠপুৰী, আওনাজুলী, মাজগাঁও, গেলাবিল, বেঙেনাবাৰী জংগল ব্লকৰ লগতে আৰু বহুকেইখন গাঁৱত হঠাৎ সৃষ্টি হয় বানপানীৰ | উক্ত অঞ্চল কেইটাত বহকেটটা পথ, উপপথ , মথাউৰী ভাঙি যোৱাত সম্প্রতি বিচ্ছিন্ন হৈ আছে যোগাযোগ ব্যবস্থা | সম্প্রতি কাঠপুৰী গাঁওলৈ যোৱা সকলো পথ ভাগি যোৱাত আৱদ্ধ হৈ আছে যাৰ ফলত কোনো লোকে ঘৰৰপৰা উলিয়াই আহিব পৰা নাই।প্রশাসনৰ লগতে মাজবাট সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী চৰণ বড়োক আহ্বান জনাইছে অতি সোনকালে যাতায়তৰ ব্যৱস্থা কৰি দিবলৈ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande