
ওদালগুৰি, ০৫ আগষ্ট (হি.স.): সম্প্ৰতি মৃত্যু দূতত পৰিণত হৈছে ওদালগুৰি-তামুলপুৰ পথ । ওদালগুৰি-তামুলপৰ পথৰ ডিমাকুছিৰ শুক্লাইত যোৱা কালি মঙলবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দূৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক, আনহাতে আহত হয় আন এজন । চাহপাত কঢ়িওৱা চাৰিচকীয়া বাহন এখনে দুচকীয়া বাহনক খুণ্ডা মৰাৰ ফলতে এই দুৰ্ঘটনাটো ঘটে।
দুৰ্ঘটনাটোত নিহত যুৱকজন ডিব্ৰুগড়ৰ সুনীল দাস বুলি জানিব পৰা গৈছে । আনহাতে গুৰুতৰভাৱে আহত হয় নালাপাৰাৰ ৰক্তিম কলিতা নামৰ লোকজন । ৰক্তিম কলিতাক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসালৈ প্ৰেৰণ কৰা হৈছে । জানিব পৰামতে, এএছ ১৬ এচি ৩৯৮৬ নম্বৰৰ পালছাৰ বাইক আৰু এএছ ০১ জিপি ০৪৩৬ নম্বৰৰ চাহপাত কঢ়িওৱা ডিআইৰ লগত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ