আৰবিআইৰ ২০২৬-২৭ বৰ্ষৰ জিডিপি বৃদ্ধিৰ পূৰ্বানুমান ৬.৭% লৈ বৃদ্ধি
- খুচুৰা মুদ্ৰাস্ফীতিৰ পূৰ্বাভাস ৫.০% লৈ হ্ৰাস মুম্বাই, ০৫ আগষ্ট (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিৰ পূৰ্বাভাস ৬.৭% লৈ বৃদ্ধি কৰাৰ লগতে খুচুৰা মুদ্ৰাস্ফীতিৰ পূৰ্বাভাস ৫% লৈ হ্ৰাস কৰে। বুধবা
जीडीपी वृद्धि दर के लोगो का प्रतीकात्मक चित्र


- খুচুৰা মুদ্ৰাস্ফীতিৰ পূৰ্বাভাস ৫.০% লৈ হ্ৰাস

মুম্বাই, ০৫ আগষ্ট (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিৰ পূৰ্বাভাস ৬.৭% লৈ বৃদ্ধি কৰাৰ লগতে খুচুৰা মুদ্ৰাস্ফীতিৰ পূৰ্বাভাস ৫% লৈ হ্ৰাস কৰে।

বুধবাৰে আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই মুদ্ৰানীতি সমিতিৰ তিনিদিনীয়া দ্বিমাহেকীয়া পৰ্যালোচনা বৈঠকৰ অন্তত ঘোষণা কৰে যে ৰেপ’ হাৰ অপৰিৱৰ্তিত ৰখা হৈছে ৫.২৫%। সঞ্জয় মালহোত্ৰাই কয় যে মুদ্ৰা পৰ্যালোচনাত একমত অনুসৰি ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে বাস্তৱিক জিডিপি বৃদ্ধি ৬.৭% হোৱাৰ প্ৰকল্প কৰা হৈছে, প্ৰথম ত্ৰৈমাসিকত ৭%, দ্বিতীয় ত্ৰৈমাসিকত ৬.৪%, তৃতীয় ত্ৰৈমাসিকত ৬.৫%, আৰু চতুৰ্থ ত্ৰৈমাসিকত ৬.৮% বৃদ্ধিৰ পূৰ্বানুমান কৰিছে।

চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ বাবে তৃতীয় দ্বি-মাহেকীয়া মুদ্ৰানীতিৰ কথা ঘোষণা কৰি আৰ বি আইৰ গভৰ্ণৰগৰাকীয়ে কয় যে বিশ্ব অৰ্থনীতিত চলি থকা অস্থিৰতাই ঘৰুৱা অৰ্থনৈতিক কাৰ্যকলাপত কিছু প্ৰভাৱ পেলাব পাৰে। মালহোত্ৰাই কয় যে বিশ্বৰ অনিশ্চয়তাৰ মাজতো চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিক (এপ্ৰিল-জুন)ৰ মূল তথ্যই ঘৰুৱা অৰ্থনীতিত শক্তিৰ ইংগিত দিয়ে।

তেওঁ লগতে কয় যে ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবে বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য অস্থিৰ হৈ আছে, যাৰ ফলত অদূৰ ম্যাদী দৃষ্টিভংগী অনিশ্চিত হৈ পৰিছে। মালহোত্ৰাই কয় যে এতিয়ালৈকে সাধাৰণ মুদ্ৰাস্ফীতিৰ চাপ কম হৈ আছে যদিও খাদ্য সামগ্ৰী, ইন্ধন, আৰু অন্যান্য কেঁচামালৰ ব্যয় বৃদ্ধিৰ বাবে বহল ভিত্তিৰ মুদ্ৰাস্ফীতিৰ আশংকা এতিয়াও আছে।

সঞ্জয় মালহোত্ৰাই কয় যে গ্ৰাহক মূল্য সূচকাংক (চিপিআই)ৰ ভিত্তিত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ খুচুৰা মুদ্ৰাস্ফীতিৰ পূৰ্বাভাস ৫% ৰখা হৈছে। দ্বিতীয় ত্ৰৈমাসিকত ৪.৭ শতাংশ, তৃতীয় ত্ৰৈমাসিকত ৫.৯ শতাংশ আৰু চতুৰ্থ ত্ৰৈমাসিকত ৫.৫ শতাংশ হোৱাৰ প্ৰকল্প কৰা হৈছে। গভৰ্ণৰগৰাকীয়ে কয় যে চলিত বিত্তীয় বৰ্ষ ২০২৭-২৮ৰ প্ৰথম ত্ৰৈমাসিকত খুচুৰা মুদ্ৰাস্ফীতি ৫.৩ শতাংশ হোৱাৰ প্ৰকল্প কৰা হৈছে, দুয়োপক্ষৰ উঠা-নমা। তেওঁ কয় যে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে মূল মুদ্ৰাস্ফীতি ৪.৩ শতাংশ হোৱাৰ প্ৰকল্প কৰা হৈছে।

বিশ্বজুৰি অনিশ্চয়তাৰ মাজতে আৰ বি আইয়ে আশা কৰা মতে মূল নীতিগত হাৰ ৰেপো হাৰ ৫.২৫ শতাংশত বজাই ৰাখিছে। জুন মাহৰ মুদ্ৰানীতি পৰ্যালোচনাত আৰ বি আইয়ে চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ বাবে জিডিপি বৃদ্ধি ৬.৬ শতাংশ আৰু মুদ্ৰাস্ফীতি ৫.১ শতাংশ বুলি প্ৰকল্প কৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande