ৰঙিয়াৰ খৈৰাবাৰী–মধুকুছি পথত কৃত্ৰিম বান, যাতায়ত ব্যাহত
কামৰূপ, ০৫ আগষ্ট (হি.স.)। ৰঙিয়াৰ খৈৰাবাৰী–মধুকুছি পথত সামান্য বৰষুণতেই পথত একাঠু পানী জমা হৈ দৈনন্দিন যাতায়াত ব্যাহত হৈছে। স্থানীয় লোকৰ অভিযোগ, বিজ্ঞানসন্মত নলা নিৰ্মাণ নোহোৱা আৰু থকা নলাসমূহ সঠিকভাৱে পৰিষ্কাৰ নকৰাৰ ফলতেই বৰষুণৰ পানী ওলাই যাব নোৱ
ৰঙিয়াৰ খৈৰাবাৰী–মধুকুছি পথত কৃত্ৰিম বান, যাতায়ত ব্যাহত


কামৰূপ, ০৫ আগষ্ট (হি.স.)। ৰঙিয়াৰ খৈৰাবাৰী–মধুকুছি পথত সামান্য বৰষুণতেই পথত একাঠু পানী জমা হৈ দৈনন্দিন যাতায়াত ব্যাহত হৈছে।

স্থানীয় লোকৰ অভিযোগ, বিজ্ঞানসন্মত নলা নিৰ্মাণ নোহোৱা আৰু থকা নলাসমূহ সঠিকভাৱে পৰিষ্কাৰ নকৰাৰ ফলতেই বৰষুণৰ পানী ওলাই যাব নোৱাৰি পথতেই জমা হৈ আছে।

উল্লেখ্য যে, এই পথটোৰ কাষতে অৱস্থিত আছে তিনিখনকৈ শিক্ষানুষ্ঠান।

ফলত প্ৰতিদিনে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু শতাধিক পথচাৰীয়ে একাঠু পানী ভাঙি যাতায়াত কৰিবলৈ বাধ্য হৈছে।

স্থানীয় ৰাইজে জনোৱা মতে, সমস্যাটো সমাধানৰ বাবে বহু বাৰ আবেদন-নিবেদন কৰা হ’লেও আজিলৈকে সংশ্লিষ্ট বিভাগৰ পৰা কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

দিনক দিনে অধিক জটিল হৈ পৰা এই পৰিস্থিতিক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে।

তেওঁলোকৰ স্পষ্ট দাবী—শীঘ্ৰে পথৰ কাষৰ নলাসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ আৰু পৰিষ্কাৰ কৰি বৰষুণৰ পানী সঠিকভাৱে নিষ্কাষণৰ ব্যৱস্থা কৰিব লাগে।

ৰাইজৰ আপত্তিৰ পিচতে অঞ্চলটোত উপস্থিত হয় ৰঙিয়া সমজিলা আয়ুক্ত গৰাকী ।

ৰাইজৰ সমস্যাৰ বুজ লৈ পানী নিষ্কাষণৰ ব্যাৱস্থা কৰি যাতায়তৰ উপযোগী কৰি তোলাৰ বাবে তৎপৰতা লৈছে সমজিলা আয়ুক্ত গৰাকীয়ে ।

এতিয়া প্ৰশ্ন হৈছে—আৰু কিমান দিন এনে দুৰ্ভোগ সহ্য কৰিব লাগিব বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজে?

ৰাইজৰ দাবী শীঘ্ৰে এই সমস্যাৰ সমাধান কৰি সূচল কৰি তোলক যাতায়ত ব্যাৱস্থা।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande