ৰঙিয়াৰ পৰা পুনৰ সন্ধানহীন যুৱক
কামৰূপ, ০৫ আগষ্ট (হি.স.)। ৰঙিয়াৰ পৰা এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনা । পুনৰ যুৱক সন্ধানহীন । যোৱা ৩১ জুলাইৰ পৰা সন্ধানহীন হৈ আছে ৰঙিয়াৰ গুৰকুছিৰ ইমাছ আলী (২৪) । ঘৰৰ পৰা সাধাৰণ ভাবে ওলাই ইমাছ আলী হঠাৎ নিৰুদ্দেশ হৈ পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰ
ৰঙিয়াৰ পৰা পুনৰ সন্ধানহীন যুৱক


কামৰূপ, ০৫ আগষ্ট (হি.স.)। ৰঙিয়াৰ পৰা এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনা । পুনৰ যুৱক সন্ধানহীন । যোৱা ৩১ জুলাইৰ পৰা সন্ধানহীন হৈ আছে ৰঙিয়াৰ গুৰকুছিৰ ইমাছ আলী (২৪) । ঘৰৰ পৰা সাধাৰণ ভাবে ওলাই ইমাছ আলী হঠাৎ নিৰুদ্দেশ হৈ পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইমাছ আলীৰ মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকলে বিগত ৬ দিন ধৰি বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি আহিছে ।

আত্মীয়-স্বজন, চুবুৰীয়া, বন্ধু-বান্ধৱীৰ ঘৰত, আনকি দূৰৈৰ অঞ্চললৈকে খবৰ লৈয়ো কোনো সন্ধান পোৱা নাই ইমাছৰ । পৰিয়ালটো এতিয়া গভীৰ চিন্তাত পৰিছে। পৰিয়ালৰ তৰফৰ পৰা ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো খবৰ পোৱা নাই । ইমাছ আলীৰ সন্ধান পালে বা তেওঁৰ বিষয়ে কোনো তথ্য থাকিলে ওচৰৰ আৰক্ষী থানা বা পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে । ইমাছ আলী ঘৰলৈ ঘূৰি আহক— এয়াই এতিয়া গুৰকুছি গাঁৱৰ সকলোৰে একমাত্র প্ৰাৰ্থনা ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande