
কৃত্রিম বুদ্ধিমত্তাৰ যুগত সকলো বিষয়া-কর্মচাৰীক দক্ষতা আহৰণৰ ওপৰত বিশেষভাৱে গুবুত্ব দিবলৈ আহ্বান শিক্ষামন্ত্রী ড° ৰণোজ পেগুৰ
গুৱাহাটী, ০৫ আগষ্ট (হি.স.)। ভাৰত ৰত্ন, আধুনিক অসমৰ খনিকৰ, ভাৰত ৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ ৭৬ সংখ্যক মৃত্যু দিৱস উপলক্ষে আজি অসম চৰকাৰে গুৱাহাটীৰ শ্রীশ্রী দামোদৰদেৱ আন্তঃৰাষ্ট্রীয় প্রেক্ষাগৃহ, পাঞ্জাবাৰীত 'লোক কল্যাণ দিৱস' উদযাপন কৰে।
ৰাজ্যখনৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা উজনিৰ বানাক্রান্ত ৰাইজৰ মাজত ব্যস্ত থকাৰ বাবে লোক কল্যাণ দিৱসত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে শিক্ষামন্ত্রী ড° ৰণোজ পেগুৱে। মীন বিভাগৰ মন্ত্রী নীলিমা দেৱী, মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তা, ডিমৰীয়া সমষ্টিৰ বিধায়ক ড° তপন দাস, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, লোকপ্রিয় গোপীনাথ বৰদলৈৰ পুত্ৰ বলিন বৰদলৈৰ উপৰিও কেবাজনো শীৰ্ষ পৰ্যায়ৰ বিষয়া তথা বিশিষ্ট ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটাই অসম চৰকাৰৰ সকলো বিষয়া-কর্মচাৰীক এই স্বীকৃতি প্রদানে অনুপ্রাণিত কৰিব বুলি উল্লেখ কৰে।
শিক্ষামন্ত্রী ড° ৰণোজ পেগুৱে বক্তৃতা প্রদান কৰি লোকপ্রিয় গোপীনাথ বৰদলৈৰ আদর্শৰে সকলো বিষয়া-কর্মচাৰীক নিষ্ঠা, সততা, কর্মদক্ষতা আৰু জনসেৱাৰ মনোভাৱেৰে নিজ কর্তব্য পালন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে একবিংশ শতিকাত সকলো বিষয়া- কর্মচাৰীয়ে বিশেষভাৱে গুৰুত্ব প্রদান কৰিবলগীয়া তিনিটা বিষয় হৈছে উদ্ভাৱন, দক্ষতা আহৰণ আৰু কাৰিকৰীভাৱে দক্ষ হোৱাতো। তেওঁ গভীৰ অধ্যয়নৰ ওপৰত গুৰুত্ব প্রদান কৰি কৃত্রিম বুদ্ধিমত্তাক নিজৰ পাৰদৰ্শিতাৰে ব্যৱহাৰ কৰি বিষয়া কৰ্মচাৰীসকলক অধিক লাভৱান হ'বলৈ আহ্বান জনায় আৰু কোনো কাম পিছদিনালৈ পেলাই নথ'বলৈ অনুৰোধ কৰে। ২০২৫-২৬ বর্ষত দুটা শ্রেণীত বিভক্ত কৰি কর্মশ্রী সন্মান প্রদান কৰা হৈ-েউদ্ভাৱনীমূলক আৰু আঁচনি শীর্ষক। কর্মশ্রী বঁটা-২০২৬ৰ শ্রেণী-১ৰ অধীনত ৰাজ্যৰ বিভিন্ন বিভাগে ৰূপায়ণ কৰা উদ্ভাৱনীমূলক আৰু জনকল্যাণমূলক পদক্ষেপৰ বাবে একাধিক দলক সন্মানিত কৰা হয়।
এইসমূহৰ ভিতৰত 'লখিমী মিস্ত্রী' পদক্ষেপৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ যুটীয়া আয়ুক্ত ধ্ৰুৱজ্যোতি নাথক, 'মৎস্য পৰিপুষ্টি' (লখিমপুৰ) ৰ বাবে কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু তেওঁৰ দলক, 'খনন খণ্ডৰ সংস্কাৰ' (মৰিগাঁও) ৰ বাবে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী আৰু তেওঁৰ দলক, 'চিৰায়ু চৰাইদেউ'ৰ বাবে চৰাইদেউৰ জিলা আয়ুক্ত, ড°নেহা যাদৱ আৰু তেওঁৰ দলক, 'আয়ুয়ান অসম-মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য আঁচনি' (চিৰাং) ৰ বাবে অটল অমৃত অভিযান ছ'চাইটি, অসমৰ মুখ্য কার্যবাহী বিষয়া, ড° সিদ্ধার্থ সিং আৰু যুটীয়া মুখ্য কার্যবাহী বিষয়া, কমলজিৎ তালুকদাৰক, সংৰক্ষিত বনাঞ্চলৰ পুণৰুদ্ধাৰ আৰু হাতী-মানুহৰ সংঘাত প্রশমনৰ বাবে গোৱালপাৰা বন সংমণ্ডল (টি) ৰ মাণ্ডলিক বন বিষয়া, তেজচ মৰিস্বামী আৰু ডেপুটী ৰেঞ্জাৰ, গৌতম গোপেক, মিছন বসুন্ধৰা ৩.০, স্বামিত্ব আৰু অনুসূচীত জনজাতি আৰু অন্যান্য খিলঞ্জীয়া অৰণ্যবাসী (বন অধিকাৰৰ স্বীকৃতিপ্ৰাপ্ত)ৰ বাবে ধেমাজিৰ জিলা আয়ুক্ত, ৰাহুল সুৰেশ জাভিৰ আৰু তেওঁৰ দলক, শুশ্রুষা সেতুৰ বাবে ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ কাৰ্যবাহী সঞ্চালক, ড° অভিজিৎ শর্মা আৰু তেওঁৰ দলক, বাগুৰুমবা দহৌ ২০২৬ৰ বাবে সাংস্কৃতিক পৰিক্ৰমা, অসমৰ সঞ্চালক, ৰাহুল চন্ দাস আৰু তেওঁৰ দলক আৰু ডি আই এল আৰ এম পিৰ অধীনত ভূমি প্রশাসনত এটা উৎকর্ষতাৰ কেন্দ্ৰ স্থাপনৰ বাবে অসম জৰীপ আৰু বন্দোৱস্তি প্রশিক্ষণ কেন্দ্র (এ এছ এছ টি চি) তথা সঞ্চালক, ভূমি পৰিচালনা ব্যৱস্থাৰ উৎকৰ্ষতাৰ কেন্দ্রদ্ৰ, গুৱাহাটী কেন্দ্ৰৰ অধ্যক্ষ, প্রবীৰ কুমাৰ দত্তক কর্মশ্রী বঁটা প্রদান কৰা হয়।
চি কর্মশ্রী বঁটা-২০২৬ৰ শ্রেণী-২ৰ অধীনত শ্রীভূমি অভিযান এইচ এছ এল ২০২৬ৰ বাবে শ্রীভূমি জিলাৰ জিলা আয়ুক্ত, প্রদীপ কুমাৰ দ্বিবেদী আৰু তেওঁৰ দলক, এইচ আই ভি প্রতিৰোধ, সেৱা, চিকিৎসা আৰু ডিজিটেল প্রশাসন শক্তিশালীকৰণৰ জৰিয়তে ৰাজহুৱা প্রশাসনত উদ্ভাৱনৰ বাবে অসম ৰাজ্যিক এইডছ নিয়ন্ত্রণ সমিতি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রকল্প সঞ্চালক, ড° ইন্দ্রনোষী দাস আৰু আয়ুক্ত সচিব, ড° পি. অশোক বাবুক, আৰ ডি এছ এছ ৰ অধীনত স্মার্ট মিটাৰিং আঁচনিৰ বাবে এ পি ডি চি এলৰ পৰিচালন সঞ্চালক, ৰাকেশ কুমাৰ আৰু তেওঁৰ দলকো কর্মশ্রী
বঁটা প্রদান কৰা হয়। ইয়াৰ উপৰিও, ৰাজ্যিক আৰু জিলা পর্যায়ত বিভিন্ন বিভাগৰ মুঠ ৪১ গৰাকী চৰকাৰী কৰ্মচাৰীক তেওঁলোকৰ নিষ্ঠা, দক্ষতা আৰু উৎকৰ্ষৰ স্বীকৃতি স্বৰূপে লোকসেৱা বঁটাৰে সন্মানিত কৰা হয়। উল্লেখযোগ্য যে লোকপ্রিয় গোপীনাথ বৰদলৈৰ কৰ্ম তথা আদর্শক সোঁৱৰি ২০২২ চনৰ পৰা আৰম্ভ কৰা এই বঁটাৰ মূল উদ্দেশ্য হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত উৎকর্ষ, স্বচ্ছতা, জবাবদিহিতা, উদ্ভাৱনী চিন্তা আৰু জনমুখী প্রশাসনক অধিক উৎসাহিত কৰা।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী