
নতুন দিল্লী, ০৫ আগষ্ট (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যসভাৰ সদস্য তথা হাৰিয়ানাৰ প্ৰভাৰী সতীশ পুনিয়াই কংগ্ৰেছে গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰতিষ্ঠান সন্দৰ্ভত দ্বৈত মানদণ্ড গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে এফালে কংগ্ৰেছে সংবিধান আৰু গণতন্ত্ৰৰ কথা কয়, কিন্তু আনফালে গণতান্ত্ৰিক প্ৰতিষ্ঠানক সন্মান নকৰে।
বুধবাৰে সংসদ পৰিসৰত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পুনিয়াই কয় যে সংসদৰ অধিৱেশনৰ এটাও দিন বিঘিনি নোহোৱাকৈ পাৰ হোৱা নাই। কংগ্ৰেছে যদি সঁচা অৰ্থত গণতন্ত্ৰত বিশ্বাস কৰে তেন্তে সদনত থাকিব লাগে আৰু বিতৰ্ক আৰু আলোচনাৰ জৰিয়তে নিজৰ মতামত দাঙি ধৰিব লাগে বুলিও তেওঁ কয়। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছে নিজৰ স্থিতি ৰক্ষা কৰিবলৈ পৰ্যাপ্ত যুক্তিৰ অভাৱত বিতৰ্কৰ পৰা পলায়ন কৰে।
তেওঁ কয় যে কংগ্ৰেছৰ এই দ্বৈত মানদণ্ডই দলটোৰ অবিৰত অৱনতিৰ দিশে লৈ গৈছে। লগতে কংগ্ৰেছে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে সদনৰ কাৰ্য্যবিধিৰ পৰা নিজকে আঁতৰাই ৰাজনৈতিক বিৰোধিতাৰ বাবে অন্য উপায় গ্ৰহণ কৰা অভিযোগ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া