নুমলীগড় শোধনাগাৰৰ সন্মুখেৰে যোৱা তেলগৰম-পোৰাবঙলা সংযোগী পথৰ বিধ্বস্ত ৰূপ
নুমলীগড় শোধনাগাৰৰ সন্মুখেৰে যোৱা তেলগৰম-পোৰাবঙলা সংযোগী পথৰ বিধ্বস্ত ৰূপ।
নুমলীগড় শোধনাগাৰৰ সন্মুখেৰে যোৱা তেলগৰম-পোৰাবঙলা সংযোগী পথৰ বিধ্বস্ত ৰূপ


গোলাঘাট, ০৫ আগষ্ট (হি.স.): গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰৰ সন্মুখেৰে যোৱা তেলগৰম-পোৰাবঙলা সংযোগী পথটোৱে সম্প্ৰতি বিধ্বস্ত ৰূপ লৈছে । পথটোৰ ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁত সৃষ্টি হৈছে । বিভিন্ন সময়ত পথৰ মেৰামতি কৰা হয় যদিও নিম্নমানৰ নিৰ্মাণকাৰ্য হোৱাৰ বাবেই পথৰ অৱস্থা পুনৰ একেই হৈ পৰা দেখা যায় ।

বাৰিষাৰ বতৰত গাঁতসমূহত পানী উপচি পৰাৰ বাবেই ভীষণ সমস্যাৰ সন্মুখীন হৈছে পথচাৰীসকল। পথটোৰ শীঘ্ৰে মেৰামতি কৰি যাতায়ত সূচল কৰিবলৈ পথচাৰীসকলে সংশ্লিষ্ট প্ৰশাসনক আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande