৩৭০ অনুচ্ছেদ বাতিলৰ ফলত জম্মু-কাশ্মীৰ, লাডাখৰ উন্নয়নৰ এক নতুন অধ্যায় মুকলিঃ প্ৰধানমন্ত্ৰী
নতুন দিল্লী, ০৫ আগষ্ট (হি.স.)। জম্মু-কাশ্মীৰ আৰু লাডাখৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ আজি ৭ বছৰ সম্পূৰ্ণ হ''ল। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সাত বছৰ পূৰ্বে ৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ ইতিহাসত পৰিণত হৈছিল। ইয়াৰ লগে লগে জম্মু-কাশ্মীৰ আ
जम्मू-कश्मीर तब और अब (प्रतिकात्मक चित्र)


নতুন দিল্লী, ০৫ আগষ্ট (হি.স.)। জম্মু-কাশ্মীৰ আৰু লাডাখৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ আজি ৭ বছৰ সম্পূৰ্ণ হ'ল। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সাত বছৰ পূৰ্বে ৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ ইতিহাসত পৰিণত হৈছিল। ইয়াৰ লগে লগে জম্মু-কাশ্মীৰ আৰু লাডাখৰ উন্নয়নৰ এক নিৰ্ণায়ক নতুন অধ্যায়ৰ আৰম্ভণি হয়। ইয়াৰ ফলত জম্মু-কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণৰ জীৱনলৈ গভীৰ পৰিৱৰ্তন আনিছে। এইবাৰ ৫ আগষ্ট আৰু অধিক তাৎপৰ্যপূৰ্ণ কাৰণ ৰাষ্ট্ৰই ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰিছে।

দুয়োখন কেন্দ্ৰীয় শাসিত অঞ্চলত হোৱা পৰিৱৰ্তনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃগাঁথনি সম্প্ৰসাৰণ হৈছে। শিক্ষা, স্বাস্থ্যসেৱা, উদ্যোগীকৰণ, ক্ৰীড়া আদি ক্ষেত্ৰত সুযোগ বৃদ্ধি পাইছে। মহিলাই হওক বা প্ৰান্তীয় সম্প্ৰদায়েই হওক, দশক দশক ধৰি মৌলিক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হোৱা লোকসকলক ভাৰতৰ সংবিধানৰ সম্পূৰ্ণ প্ৰয়োগৰ বাবে ক্ষমতা প্ৰদান কৰা হৈছে।

ড° শ্যামা প্ৰসাদ মুখাৰ্জীক স্মৰণ কৰি তেওঁ কয় যে ৰাষ্ট্ৰীয় একতাৰ প্ৰতি তেওঁৰ আজীৱন সমৰ্পণে প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। তেওঁ দশক দশক আগতে কল্পনা কৰিছিল, আৰু ২০১৯ চনৰ ৫ আগষ্টত ঐতিহাসিকভাৱে ইয়াক বাস্তৱায়িত কৰা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে জম্মু-কাশ্মীৰ আৰু লাডাখৰ প্ৰগতিৰ প্ৰতি চৰকাৰ দায়বদ্ধ। আমি বিচাৰো প্ৰতিজন নাগৰিকে ডাঙৰ সপোন দেখাৰ সুযোগ পাওক, সেইবোৰ বাস্তৱায়িত কৰক আৰু এখন উন্নত ভাৰত গঢ়াত অৰিহণা যোগাওক।

ইফালে ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ ফলত জম্মু-কাশ্মীৰত শান্তিৰ পৰিৱেশৰ সৃষ্টি হোৱা বুলি এক এক্স-পোষ্টত গৃহ মন্ত্ৰালয়ে উল্লেখ কৰিছে। ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পিছত কাশ্মীৰত বহু পৰিৱৰ্তন হৈছে। শিলাবৰ্ষণ এতিয়া অতীতৰ কথা। ৩৭০ অনুচ্ছেদ বাতিলৰ সাত বছৰৰ পাছত কাশ্মীৰে ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰিছে।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২২ চনৰ পৰা শিলগুটি নিক্ষেপ প্ৰায় শূন্য, ২০২৩ চনৰ পৰা কোনো ধৰণৰ বন্ধ হোৱা নাই, ২০২৪ চনত অভিলেখ ২৩ কোটি পৰ্যটকে ভ্ৰমণ কৰিছিল, ১৮ টা জি আই টেগ কৰা হস্তশিল্প, চেনাব দলং, সোণামাৰ্গ সুৰংগ, প্ৰথম বন্দে ভাৰত মিছন, প্ৰথমখন বৈদ্যুতিক ৰে’ল আৰু কাশ্মীৰৰ বাবে আন বহু ঐতিহাসিক সাফল্য ঘটিছে এই সময়ছোৱাত।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande