প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা আৰু অন্যান্য বিষয়ক লৈ সংসদত বিৰোধীৰ প্ৰতিবাদ, গৃহমন্ত্ৰীৰ পৰা উত্তৰ দাবী
নতুন দিল্লী, ০৫ আগষ্ট (হি.স.)। সংসদৰ বৰ্ষাকালিন অধিৱেশনৰ ত্ৰয়োদশ দিনা বুধবাৰে সংসদ কমপ্লেক্সৰ কংগ্ৰেছ আৰু অন্যান্য বিৰোধী সাংসদে যোৱা ২০ জুলাইত যন্তৰ মন্তৰত ছাত্ৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ কাৰ্যকলাপ, ৰাম মন্দিৰৰ প্ৰণামী চুৰি আৰু অন্যান্য বিষয়ৰ ওপৰত
विपक्षी सांसदों ने संसद परिसर में किया प्रदर्शन


विपक्षी सांसदों ने संसद परिसर में किया प्रदर्शन


নতুন দিল্লী, ০৫ আগষ্ট (হি.স.)। সংসদৰ বৰ্ষাকালিন অধিৱেশনৰ ত্ৰয়োদশ দিনা বুধবাৰে সংসদ কমপ্লেক্সৰ কংগ্ৰেছ আৰু অন্যান্য বিৰোধী সাংসদে যোৱা ২০ জুলাইত যন্তৰ মন্তৰত ছাত্ৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ কাৰ্যকলাপ, ৰাম মন্দিৰৰ প্ৰণামী চুৰি আৰু অন্যান্য বিষয়ৰ ওপৰত সংসদত গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা উত্তৰ বিচাৰি চৰকাৰক ঘেৰে।

এই সময়ছোৱাত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি বিৰোধী সাংসদসকলেও গান্ধী প্ৰতিমূৰ্তিৰ পৰা সংসদ কমপ্লেক্সৰ মকৰ দ্বাৰলৈ প্ৰতিবাদী সমদলৰ নেতৃত্ব দিয়ে।

কংগ্ৰেছ, সমাজবাদী পাৰ্টি, ৰাষ্ট্ৰীয় জনতা দলকে ধৰি বিৰোধী দলৰ সাংসদসকলে বেনাৰ, পোষ্টাৰ লৈ অংশগ্ৰহণ কৰে। বিৰোধী দলৰ সাংসদসকলে ২০ জুলাইত শান্তিপূৰ্ণ ছাত্ৰ প্ৰতিবাদৰ সময়ত বল প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ ঘটনাৰ জবাবদিহিতাৰ দাবী জনায়। গৃহমন্ত্ৰীগৰাকীক সংসদলৈ আহি এই বিষয়সমূহৰ ওপৰত নিজৰ মতামত দাঙি ধৰিবলৈ দাবী জনায়।

কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে কয় যে যদি ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে গুলী, পেলেট গান, কন্দুৱা গেছ, অথবা লাঠীচালনা ব্যৱহাৰ কৰা হয়, তেন্তে কোনোবাই দায়ী হ’ব লাগিব। এনে আদেশ কোনো বিষয়া বা চৰকাৰে জাৰি কৰে, গতিকে দায়িত্ব নিৰ্ধাৰণ কৰিব লাগিব। দেশৰ গণতান্ত্ৰিক পৰম্পৰা হৈছে এনে ঘটনাৰ জবাবদিহিতা গ্ৰহণ কৰা।

নিৰ্দলীয় সাংসদ পাপ্পু যাদৱে কয় যে বিজেপি সাংসদ বাঁসুৰী স্বৰাজ কেৱল ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাত সক্ৰিয়। তেওঁৰ আইনৰ সঠিক জ্ঞানৰ অভাৱত যেতিয়াই মন যায় থানালৈ যায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande