ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান


নগাঁও, ০৫ আগষ্ট (হি.স.): নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত আছে । আৰক্ষীৰ অভিযানত কালি সন্ধিয়া আটক হয় এগৰাকী সন্দেহযুক্ত ড্ৰাগ ব্যৱসায়ী । ৰূপহীহাটৰ বাটমাৰিত আৰক্ষীয়ে অভিযান চলাই আটক কৰে মিৰাজুল ইছলাম নামৰ ড্ৰাগছ ব্যৱসায়ীটোক।

ড্ৰাগছ ব্যৱসায় মিৰাজুলৰ ঘৰ খানাটুপ বুলি জানিব পৰা গৈছে । আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হৈছে ২০টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ ।জব্দকৃত ড্ৰাগছ খিনিৰ ওজন ২.৫৯ গ্ৰাম বুলি কোৱা হৈছে । আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আটকাধীন লোক জনক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande