
গোলাঘাট, ০৫ আগষ্ট (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত বজ্ৰপাত পৰি মৃত্যু মুখত পৰে এজন লোক । যোৱা কালি মঙলবাৰে বিয়লি পথাৰলৈ গৈ থকাৰ অৱস্থাত বজ্রপাত পৰি মৃত্যু হয় ব্যক্তি জনৰ । দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ছ'গুৰি চাপৰি গাঁৱত সংঘটিত হয় এই কৰুণ ঘটনাটো ।
বজ্ৰপাত পৰি মৃত্যু মুখত পৰা লোকজন ছ'গুৰি ধেমাজি গাঁৱৰ ৪৯ বছৰীয়া ৰামাছি পেগু বুলি জানিব পৰা গৈছে । ৰামাছি পেগুৱে পথাৰলৈ গৈ থকাৰ সময়তে হোৱা ধাৰাসাৰ বৰষুণৰ লগতে ব্ৰজপাত পৰাত তেওঁ গুৰুতৰভাৱে আহত হয় আৰু থিতাতে মৃত্যুক সাৱতি লয় । এই ঘটনাই অঞ্চলটোত শোকৰ পৰিৱেশৰ সৃষ্টি কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ