জামুগুৰিহাটত ৰাষ্ট্ৰীয় ঘাইপথত ৭০ বছৰ উৰ্ধৰ বৰষুণত তিতি থকা অসহায় বৃদ্ধা মহিলা উদ্ধাৰ
জামুগুৰিহাটত ৭০ বছৰ উদ্ধৰ বৰষুণত ভিজি থকা অসহায় বৃদ্ধা মহিলা উদ্ধাৰ কুসুমতলাৰ বিমান বৰকটকীৰ ।
জামুগুৰিহাটত ৰাষ্ট্ৰীয় ঘাইপথত ৭০ বছৰ উৰ্ধৰ বৰষুণত তিতি থকা অসহায় বৃদ্ধা মহিলা উদ্ধাৰ


শোণিতপুৰ, ০৫ আগষ্ট (হি.স.): শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কুসুমতলা চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ব্যৱসায় কেন্দ্ৰষ্টলৰ মাজত উদ্ধাৰ কৰা হৈছে প্ৰায় ৭০ উৰ্ধৰ এগৰাকী বৃদ্ধা মহিলা। বৰষুণত ৰাস্ত্ৰীয় ঘাই পথৰ মাজত তিতি থকা অৱস্থাত বৃদ্ধা মহিলাগৰাকীক উদ্ধাৰ কৰে কুসুমতলাৰ ব্যৱসায়ী বিমান বৰকটকীয়ে।

বৰকটকীৰ তৎপৰতাত নিশা স্থানীয় ৰাইজৰ সহযোগত বৃদ্ধা অসহায় মহিলা গৰাকীক উদ্ধাৰ কৰি জামুগুৰি আৰক্ষীক চমজাই দিয়ে । বৃদ্ধা মহিলা গৰাকীৰ নাম আৰু ঠিকনা এতিয়াও জানিব পৰা নাই । কোনো লোকে বৃদ্ধা গৰাকীক চিনি পালে জামুগুৰি আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande