
গোলাঘাট, 05 আগষ্ট (হি.স.)। নুমলীগড়ৰ পশ্চিম ধোদাঙত পানীত পৰি এজন লোকৰ মৃত্যু
হোৱাৰ খবৰ লাভ কৰা হৈছে।
পশ্চিম ধোদাঙৰ ধনশিৰি কৃষিবান্ধৰ ওপৰেদি বাঢ়নি পানী সেমাই কৃষক নোমল শইকীয়াৰ বাৰী ঘৰ ডুবিছিল।
ইফালে পানী ক্ৰমাৎ শুকাইছে যদিও দ হোলাত আবদ্ধ হৈ থকা পানীত পৰি পশ্চিম ধোদাঙৰ কৃষক নোমল শইকীয়াৰ(৭০) মৃত্যু হয়। গৰুক ঘাঁহ, দানা আদি দিবলৈ যাওতে সংঘটিত হয় এই ঘটনা। এই ঘটনাৰ ফলত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা