
ছিউল, ০৫ আগষ্ট (হি.স.)। জাপানৰ ক্ৰমবৰ্ধমান সামৰিক ক্ষমতা আৰু প্ৰতিৰক্ষা প্ৰস্তুতিৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উত্তৰ কোৰিয়াই নিজকে সুৰক্ষিত কৰিবলৈ “অধিক সামৰিক বিকল্প” বিবেচনা কৰিব বুলি সকীয়াই দিছে। উত্তৰ কোৰিয়াই জাপানক নিজৰ সামৰিক শক্তি পুনৰ তীব্ৰতৰ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। টকিঅ’ক পুনৰ অস্ত্ৰ-শস্ত্ৰৰ অনুমতি দিয়াৰ বাবেও আমেৰিকাক সমালোচনা কৰিছে।
দক্ষিণ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা য়নহাপে প্ৰকাশ কৰা অনুসৰি উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনৰ ভগ্নী কিম যো-জঙে চৰকাৰী সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এক বিবৃতিত জাপান দ্ৰুতগতিত যুদ্ধপ্ৰিয় ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হৈছে বুলি কয়। শেহতীয়াকৈ জাপানে টমাহক দীৰ্ঘ দূৰত্বৰ ক্ৰুজ মিছাইলৰ পৰীক্ষণ আৰু ফিলিপাইনছত আমেৰিকাৰ নেতৃত্বত চলা সামৰিক অনুশীলনত অংশগ্ৰহণৰ কথা উল্লেখ কৰে যে ইয়াৰ সামৰিক সম্প্ৰসাৰণ নীতিৰ অংশ।
কিম যো-জঙে অভিযোগ কৰে যে জাপানে প্ৰথম আক্ৰমণৰ ক্ষমতা গঢ়ি তোলাৰ দিশত আগবাঢ়িছে আৰু এতিয়া ইয়াৰ সামৰিক পৰিকল্পনা কাৰ্যকৰী পৰ্যায়ত উপনীত হৈছে।
আমেৰিকাক লক্ষ্য কৰি তেওঁ কয় যে ৱাশ্বিংটনে এছিয়া-পেচিফিক অঞ্চলত নিজৰ কৌশলগত স্বাৰ্থৰ বাবে জাপান আৰু দক্ষিণ কোৰিয়া ব্যৱহাৰ কৰি আঞ্চলিক নিৰাপত্তা ভাৰসাম্যত প্ৰভাৱ পেলাইছে।
উত্তৰ কোৰিয়াই জাপানৰ সামৰিক কাৰ্যকলাপক আওকাণ নকৰে বুলি উল্লেখ কৰি কিম যো-জঙে কয় যে সেনা আৰু সামৰিক নেতৃত্বই দেশখনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে অতিৰিক্ত সামৰিক বিকল্প প্ৰস্তুত কৰিব।
নিৰাপত্তাজনিত প্ৰত্যাহ্বান আৰু সামৰিক কাৰ্যকলাপৰ বাবে পূব এছিয়াত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই বক্তব্য প্ৰকাশ কৰিছে। কিন্তু উত্তৰ কোৰিয়াৰ এই অভিযোগৰ সন্দৰ্ভত জাপান আৰু আমেৰিকাৰ পৰা কোনো তাৎক্ষণিক আনুষ্ঠানিক সঁহাৰি পোৱা নগ’ল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া