
শিৱসাগৰ, ০৫ আগষ্ট (হি.স.)। নাজিৰাৰ বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বানপৰিস্থিতিৰ চৰজমিন পৰিদৰ্শন কৰাৰ পিছত বানাক্ৰান্ত ৰাইজক সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।বিহুবৰ নেপালী খুঁটি বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত হয় বামুণ পুখুৰীৰ বন্যাৰ্তৰ পৰিৱেশ বুজ লয়। বামুণ পুখুৰীৰ বানপানীত ডুব গৈ প্ৰাণ হেৰুওৱা ৰিদিপ পানীকা নামৰ ১৩ বছৰীয়া ছাত্ৰজনৰ পিতৃ - মাতৃক সাক্ষাৎ কৰি চাৰি লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি জে পি নাড্ডাই কয়, ‘‘নেপালীখুঁটিত বিধ্বস্ত পৰিৱেশ দেখিলোঁ। প্ৰলংয়কৰী বানে অকল্পনীয় ক্ষতি কৰিলে। নাগালেণ্ডৰ মনৰ পৰা অহা নদীয়ে বিপদত পেলালে গাঁওসমূহক। এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰ আপোনালোকৰ লগত আছে।’’
নাড্ডাই কয়, ‘‘প্ৰধানমন্ত্ৰীয়ে মোক ইয়ালৈ প্ৰেৰণ কৰিছে। যিমান ক্ষয়-ক্ষতি হ’ল, সুস্থিৰ হ’বলৈ কিছু সময় লাগিব। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আৰ্থিক সাহায্যৰ লগতে সকলো সহায় কৰিব কেন্দ্ৰীয় চৰকাৰে। কেনেকৈ কি কৰিব পাৰি মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিম।’’
নেপালীখুঁটিৰ বাসিন্দাসকল গোপালনৰ ওপৰত নিৰ্ভৰশীল আছিল। বলিয়া বানত নেপালীখুঁটিৰ হাজাৰ হাজাৰ গোধৰ মৃত্যু হ’ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশ্বাস দিলে - বানত নেপালীখুঁটিত যিমান গৰু মৰিল, সিমান গৰু আনি দিয়া হ’ব। নেপালীখুঁটিৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ পিছতে নাগালেণ্ডৰ মন জিলালৈ ৰাওনা হয় জে পি নাড্ডা। পৰিদৰ্শন কৰিব মন জিলাৰ বানবিধ্বস্ত অঞ্চল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা