
নলবাৰী, ০৫ আগষ্ট (হি.স.)। অসম কলিতা আলপাইন জনগোষ্ঠী সকল ভূমিপুত্ৰ৷ অসম কলিতা আলপাইন জনগোষ্ঠীক ভূমিপুত্ৰ বুলি স্বীকৃতি দিৱ লাগিব৷ অসম খনত অনুসুচীত জাতীৰ চৰকাৰ হ’ব লাগে৷
কলিতা জনগোষ্ঠী একত্ৰিত হলে বৰ্তমান চৰকাৰ খন ভংগ হৈ যাব৷তাত কিমান ব্ৰাক্ষণ লোক আছে বুলি মন্তব্য কৰি আজি নলবাৰী জিলা পুথিভঁড়াল প্ৰাংগণৰ সম্মুখত সন্মিলিত কলিতা আলপাইন সংগ্ৰামী মঞ্চ নলবাৰী জিলা সমিতিয়ে দুঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্য্যসুচী ৰুপায়ণ কৰি অসম চৰকাৰক তীব্ৰ হংকাৰ প্ৰদান কৰি এই মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে৷ অসম চৰকাৰে শেহতীয়াকৈ বিধানসভাত উত্থাপন কৰা অসম ভূমি সংশোধনী বিধেয়কত কলিতা সকল অসমৰ খিলঞ্জীয়া জনগোষ্ঠী নহয় বুলি বিধেয়কৰ পৰা বাদ পৰাৰ কাৰ্য্যৰ বিৰোধীতাৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ সন্মিলিত কলিতা আলপাইন সংগ্ৰামী মঞ্চ নলবাৰী জিলা সমিতিৰ আহ্বানত আজিৰ এই দুঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্য্যসুচীত অসম চৰকাৰ হায় হায়,আমাৰ দাৱী মানি লওক আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা