উত্তৰ কোৰিয়াৰ সীমান্তৰ ওচৰত আমেৰিকাৰ ড্ৰোন অৱতৰণ, সক্ৰিয় নিৰাপত্তা সংস্থা
ছিউল, ০৫ আগষ্ট (হি.স.)। দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ যৌথ সামৰিক অনুশীলনৰ সময়ত আন্তঃকোৰিয়ান সীমান্তৰ ওচৰত আমেৰিকাৰ সামৰিক ড্ৰ’ন উৰি থকা দেখা গৈছিল, যাৰ ফলত সতৰ্কতামূলক ব্যৱস্থা হিচাপে সীমান্তবাসীয়ে ঘৰৰ পৰা ওলাই আহিছিল। দক্ষিণ কোৰিয়াৰ চৰকাৰী সংবা
सांकेतिक


ছিউল, ০৫ আগষ্ট (হি.স.)। দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ যৌথ সামৰিক অনুশীলনৰ সময়ত আন্তঃকোৰিয়ান সীমান্তৰ ওচৰত আমেৰিকাৰ সামৰিক ড্ৰ’ন উৰি থকা দেখা গৈছিল, যাৰ ফলত সতৰ্কতামূলক ব্যৱস্থা হিচাপে সীমান্তবাসীয়ে ঘৰৰ পৰা ওলাই আহিছিল।

দক্ষিণ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা য়নহাপে যুটীয়া মুখ্য সেনাধ্যক্ষৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি উত্তৰ কোৰিয়াৰ সীমান্তৰ সমীপৰ উত্তৰ গিয়ংগি প্ৰদেশত এই ড্ৰ’নটো দেখা গৈছিল। প্ৰাথমিক তদন্তৰ অন্তত দক্ষিণ কোৰিয়াত নিয়োজিত আমেৰিকাৰ মেৰিন কৰ্পছৰ এখন মানৱবিহীন সামৰিক বিমান (ড্ৰ’ন) বুলি চিনাক্ত কৰা হয়, যিয়ে যৌথ প্ৰশিক্ষণ অনুশীলনত অংশগ্ৰহণ কৰে।

আমেৰিকান বাহিনী কোৰিয়াই (ইউএছএফকে) ড্ৰ’নখন তেওঁলোকৰ বুলিও নিশ্চিত কৰিছে। বিবৃতিটোত কোৱা হৈছে যে এই বিমানখন আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ মেৰিন কৰ্পছৰ মাজত চলি থকা দ্বিপাক্ষিক সামৰিক অনুশীলনৰ অংশ। ঘটনাৰ কাৰণৰ তদন্ত চলি আছে, আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় অব্যাহত আছে।

ইয়াৰ পূৰ্বে সীমান্তৰ সমীপৰ চেওৰৱন অঞ্চলত ড্ৰ’নৰ উপস্থিতি ধৰা পৰাৰ পিছত স্থানীয় কৰ্তৃপক্ষই সতৰ্কবাণী জাৰি কৰি নাগৰিকসকলক সাৱধানতা হিচাপে আশ্ৰয় ল’বলৈ পৰামৰ্শ দিয়ে।

দক্ষিণ কোৰিয়াৰ সেনাই কয় যে ড্ৰ’নখন উত্তৰ কোৰিয়াৰ নে আমেৰিকাৰ সেইটো প্ৰথম অৱস্থাত স্পষ্ট নাছিল। পিছত ভেৰিফিকেচনত নিশ্চিত হ’ল যে এয়া আমেৰিকাৰ সামৰিক ড্ৰ’ন।

২০১৮ চনৰ আন্তঃকোৰিয়ান সামৰিক চুক্তিৰ অধীনত স্থাপিত পূৰ্বৰ ন’ ফ্লাই জ’নৰ ওপৰেৰে ড্ৰ’নখন উৰিছিল নে নাই সেই কথা বিষয়াসকলে কোৱা নাই। এই চুক্তিখন দুয়োখন দেশৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ উদ্দেশ্য আছিল যদিও পিছলৈ দুয়োখন দেশৰ মাজত সম্পৰ্ক অৱনতি ঘটাৰ বাবে স্থগিত ৰখা হৈছিল।

সম্প্ৰতি দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ সামৰিক বিষয়াই এই ঘটনাৰ পৰিস্থিতিৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande