উজনি অসমৰ প্ৰলয়ংকৰী বানৰ উৎস উদ্ঘাটন কৰিবৰৈ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰলৈ অসম সাহিত্য সভাৰ স্মাৰক-পত্র
শোণিতপুৰ, ০৫ আগষ্ট (হি.স.)। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সংঘটিত প্রলয়ংকৰ বানৰ উৎস উদ্ঘাটন কৰি ইয়াৰ তথ্য ৰাজহুৱা কৰিবলৈ অসম সাহিত্য সভাই দাবী উত্থাপন কৰিছে। এই সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ
উজনি অসমৰ প্ৰলয়ংকৰী বানৰ উৎস উদ্ঘাটন কৰিবৰৈ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰলৈ অসম সাহিত্য সভাৰ স্মাৰক-পত্র


শোণিতপুৰ, ০৫ আগষ্ট (হি.স.)। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সংঘটিত প্রলয়ংকৰ বানৰ উৎস উদ্ঘাটন কৰি ইয়াৰ তথ্য ৰাজহুৱা কৰিবলৈ অসম সাহিত্য সভাই দাবী উত্থাপন কৰিছে। এই সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ সভাই গ্ৰহণ কৰা এক প্ৰস্তাৱযোগে বিজেপি শাসিত কেন্দ্রীয় চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ ওচৰত একোখনকৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰি এই দাবী উত্থাপন কৰি কয়-বানৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে দিখৌ জলবিদ্যুৎ প্রকল্প, উজনি অঞ্চলৰ বান্ধ, কয়লা খনন, পাহাৰ খনন আৰু অন্যান্য সম্ভাব্য কাৰকৰ বিষয়ে স্বতন্ত্র ন্যায়িক, বৈজ্ঞানিক আৰু আন্তঃৰাজ্যিক তদন্ত আয়োগ গঠন কৰিব লাগে।

অসম সাহিত্য সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাই আজি এক সংবাদ বিজ্ঞপ্তিত উল্লেখ কৰা মতে, অসম-নাগালেণ্ড যৌথ নদী অৱবাহিকা ব্যৱস্থাপনা-কর্তৃপক্ষ গঠন কৰি বান্ধ পৰিচালনা, নদী ব্যৱস্থাপনা, আগতীয়া সতৰ্কীকৰণ আৰু বাস্তৱ সময়ৰ তথ্য বিনিময় ব্যৱস্থা বাধ্যতামূলক কৰাৰ দাবী জনোৱা হয়। সভাই চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ ক্ষতিগ্রস্ত মথাউৰি, পথ-দলং, জলনিষ্কাশন ব্যৱস্থা, নদীপথ আৰু অন্যান্য আন্তঃগাঁথনি বিজ্ঞানসন্মতভাবে অতি শীঘ্ৰে পুনৰ নিৰ্মাণ আৰু শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ দাবী উত্থাপন কৰিছে ।

ইয়াৰ উপৰি বানত নিহত ব্যক্তিৰ পৰিয়ালৰ এজনকৈ যোগ্য সদস্যক চৰকাৰী চাকৰিৰে সংস্থাপন কৰা, সংস্থাপনৰ বাবে এককালীন ক্ষতিপূৰণ প্ৰদান কৰা আৰু সন্ধানহীন ব্যক্তিসকলৰ অনুসন্ধান সম্পূর্ণ নোহোৱালৈকে বিশেষ অভিযান অব্যাহত ৰখাৰ দাবীও জনোৱা হয়। স্মাৰক-পত্ৰসমূহত গৃহহীন পৰিয়ালসমূহ, ক্ষুদ্ৰ ব্যৱসায়ী, কৃষক, সাংবাদিক, চিকিৎসক আৰু বানত সৰ্বস্ব হেৰুওৱা পৰিয়ালসমূহৰ বাবে বিশেষ অর্থনৈতিক পুনর্বাসন পেকেজ, স্থায়ী গৃহ আৰু জীৱিকা সংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰা হৈছে । সাহিত্য সভাই একে সময়তে গৰু, ছাগলী, হাঁহ, কুকুৰা আদি গৃহপালিত পশুধনৰ ক্ষতিৰ পূৰ্ণ ক্ষতিপূৰণ, পশু চিকিৎসা, পশুখাদ্য, আশ্রয় কেন্দ্ৰ আৰু পুনৰ পশুধন বিতৰণৰ বিশেষ আঁচনি ৰূপায়ণৰ দাবী জনোৱা হয় । কৃষিভূমি, শস্য, চাহ খেতি, মীন পালন আৰু গ্ৰাম্য অর্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে শস্য ক্ষতিপূৰণ, কৃষি বীমা, সুদমুক্ত ঋণ, উন্নত বীজ, কৃষি সঁজুলি আৰু বিশেষ উন্নয়ন পেকেজ প্ৰদানৰ আহ্বান জনাইছে অসম সাহিত্য সভাই। লগতে বানপীড়িত অঞ্চলত স্থায়ী বান আশ্রয় কেন্দ্র, আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা, উদ্ধাৰ সঁজুলি, চিকিৎসা কেন্দ্র, বিশুদ্ধ খোৱাপানী আৰু দুর্যোগ ব্যৱস্থাপনা ব্যৱস্থা শক্তিশালী কৰাৰ স্বাৰ্থত দুর্যোগ প্রশমন বিভাগটো অধিক কার্যক্ষম কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।

ইয়াৰ উপৰি বানপীড়িত অঞ্চলৰ সাংবাদিক, স্বেচ্ছাসেৱক, উদ্ধাৰকাৰী আৰু অন্যান্য জনসেৱামূলক কৰ্মত নিয়োজিত ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ বাবে বিশেষ সুৰক্ষা আৰু সাহায্য পেকেজ ঘোষণা কৰাৰ দাবী জনোৱা হয়। লগতে কৃষকসকলৰ কৃষি ঋণ মাফ আৰু বানত ক্ষতিগ্রস্ত ভূমিৰ মাটিৰ খাজনা ৰেহাই দিয়াৰ ব্যৱস্থাও গ্রহণ কৰিবলৈ চৰকাৰক আহ্বান জনোৱা হৈছে। অসম সাহিত্য সভাই ভাৰত চৰকাৰৰ ওচৰত অসমৰ ভয়াৱহ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ লগতে বিজ্ঞানভিত্তিক স্থায়ী বান নিয়ন্ত্ৰণ ব্যৱস্থা গ্রহণ আৰু ক্ষতিগ্রস্ত অঞ্চলসমূহৰ দীৰ্ঘম্যাদী পুনর্গঠনৰ বাবে বিশেষ অর্থনৈতিক পেকেজ ঘোষণা কৰাৰ দাবী জনাইছে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande