
ভূপাল, ০৫ আগষ্ট (হি.স.)। ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত ব্ৰিকছ সাংস্কৃতিক সন্মিলন ২০২৬ বুধবাৰৰ পৰা মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত আৰম্ভ হয়। কুশাভাউ ঠাকৰে কনভেনচন চেণ্টাৰ (মিণ্টো হল)ত চলি আছে ব্ৰিকছ দেশৰ বিষয়াসকলৰ এখন বৈঠক।
সভাৰ পূৰ্বে মিণ্টো হলত পুৱা ১১ বজাত সকলো অতিথিৰ বাবে ফটো চেচন অনুষ্ঠিত হয়। ইয়াৰ পিছতে ধাৰাবাহিকভাৱে বৈঠক আৰম্ভ হ’ল। চাৰিদিনীয়া এই বিশ্ব সন্মিলনত অংশগ্ৰহণকাৰী দেশসমূহৰ ১০০ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। এই সন্মিলনত সাংস্কৃতিক সহযোগিতা, ঐতিহ্য সংৰক্ষণ, আৰু পাৰস্পৰিক অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ অধিবেশন অনুষ্ঠিত হ’ব।
মিণ্টো হল কমপ্লেক্সত জ্ঞান ভাৰতম, প্ৰজেক্ট মৌচম, প্ৰজেক্ট গ্ৰেটাৰ ইণ্ডিয়া শীৰ্ষক তিনিটা বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনীসমূহো চাৰিওদিনতে জনসাধাৰণৰ বাবে মুকলি। এই প্ৰদৰ্শনীসমূহত ভাৰতৰ পাণ্ডুলিপি ঐতিহ্য, সামুদ্ৰিক সাংস্কৃতিক সম্পৰ্ক আৰু সভ্যতা সম্পৰ্ক প্ৰদৰ্শন কৰা হ’ব, লগতে ঐতিহ্য সংৰক্ষণ, সাংস্কৃতিক কূটনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ক্ষেত্ৰত ভাৰতৰ পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া