
শোণিতপুৰ, ০৫ আগষ্ট (হি.স.)। সমগ্ৰ ৰাজ্যখনৰ লগতে আজি শোণিতপুৰ জিলা প্ৰশাসনে অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী তথা আধুনিক অসমৰ খনিকৰ, ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৬ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে লোক কল্যাণ দিৱস ২০২৬ উদযাপন কৰে।
এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ২নং সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তেজপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক পৃথ্বিৰাজ ৰাভা । তেওঁ মহান ৰাষ্ট্ৰনেতাগৰাকীৰ জীৱন, আদৰ্শ আৰু অৱদানৰ ওপৰত বিস্তৃত ভাষণ প্ৰদান কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ অদম্য দেশপ্ৰেম, অসমৰ অখণ্ডতা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু দূৰদৰ্শী নেতৃত্বৰ বিষয়ে আলোকপাত কৰে । তেওঁ কয় যে, এই গুণসমূহৰ বাবেই লোকপ্ৰিয় বৰদলৈয়ে জনসাধাৰণৰ অকুণ্ঠ মৰম আৰু শ্ৰদ্ধা লাভ কৰিছিল ।
আদৰণি ভাষণত অতিৰিক্ত জিলা আয়ুক্ত ত্ৰিদিব ৰয়ে লোক কল্যাণ দিৱস উদযাপনৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি সকলো চৰকাৰী বিষয়া-কৰ্মচাৰীক লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে প্ৰতিষ্ঠা কৰি যোৱা জনসেৱাৰ আদৰ্শ অনুসৰণ কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে, লোক সেৱা পুৰস্কাৰে জনসেৱাৰ সৈতে জড়িত সকলো বিষয়া-কৰ্মচাৰীক অধিক আন্তৰিকতা, নিষ্ঠা আৰু দায়বদ্ধতাৰে নিজৰ কৰ্তব্য পালন কৰিবলৈ প্ৰেৰণা যোগায়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰাই জনসাধাৰণৰ সৈতে ব্যৱহাৰৰ ক্ষেত্ৰত সৌহাৰ্দ্যপূৰ্ণ মনোভাৱ আৰু নিৰপেক্ষতা বজাই ৰখাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে, ন্যায়সংগত, স্বচ্ছ আৰু দ্ৰুত সেৱা প্ৰদানেই এজন দক্ষ চৰকাৰী কৰ্মচাৰীৰ অন্যতম বৈশিষ্ট্য ।
অনুষ্ঠানত শোণিতপুৰ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ শাৰীৰিক নিৰ্দেশক জীৱন বৰাক তেওঁৰ নিষ্ঠা, একাগ্ৰতা আৰু উৎকৃষ্ট সেৱাৰ স্বীকৃতি স্বৰূপে জিলা পৰ্যায়ৰ লোক সেৱা পুৰস্কাৰ, ২০২৬ প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি শ্ৰী বৰাই এই সন্মান আৰু উৎসাহৰ বাবে বৰ্তমানৰ চৰকাৰৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে, চৰকাৰে বিভিন্ন ক্ষেত্ৰত, বিশেষকৈ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভা চিনাক্তকৰণ, বিকাশ আৰু দিকদৰ্শনৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপে ৰাজ্যখনৰ ক্ৰীড়া পৰিৱেশ অধিক শক্তিশালী কৰি তুলিছে। এনে পদক্ষেপে চৰকাৰী কৰ্মচাৰী আৰু ক্ৰীড়াবিদ উভয়কে উৎকৰ্ষ সাধনৰ বাবে অনুপ্ৰাণিত কৰিছে বুলিও তেওঁ উল্লেখ কৰে।
অনুষ্ঠানত নদুৱাৰৰ সমজিলা আয়ুক্ত শ্ৰী মানস কুমাৰ শইকীয়া, বৰছলাৰ সমজিলা আয়ুক্ত ৰাজীৱ সোণোৱাল, তেজপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী বিশ্বদেৱ ভট্টাচাৰ্য, সহকাৰী আয়ুক্তসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, বিশিষ্ট ব্যক্তি, বিষয়া-কৰ্মচাৰী তথা শোণিতপুৰ জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ